Thursday, June 25, 2015

শিল্পী আৰু শিল্প

“এখন নেদেখা নদীৰ সিপাৰে” ছবিৰ পৰিচালক বিদ্যুত কটকীৰ
মনৰ জগতৰ এক অন্বেষণ  

"আমেৰিকাৰ ৱাচিংটন ডি চিত অনুষ্ঠিত হোৱা দক্ষিণ এচিয়া বোলছবি মহোৎসৱত (South Asian Film Festival)  শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ  অভিনেতাৰ বঁটা কঢ়িয়াই  আনিবলৈ সমৰ্থ হোৱা তথা ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ চূড়ান্ত পয্যায়লৈ  নিৰ্বাচিত হোৱাৰ পিছতো কেৱল হিন্দী সংলাপ থকাৰ বাবেই  জুৰিৰ সদস্যসকলে অগ্ৰাহ্য কৰা ছবি “ এখন নেদেখা নদীৰ সিপাৰে”ৰ নিৰ্মাতা অসম সন্তান বিদ্যুত কটকীৰ সৈতে  দূৰভাষ যোগে হোৱা এটি অন্তৰংগ বাৰ্তালাপ পাঠক সমাজৰ বাবে সঃক্ষিপ্ত  কৰি  আগবঢ়ালোঁ।"
বোলছবিৰ বাবে শেষবাৰৰ বাবে সুধাকণ্ঠ ভূপেন হাজৰিকাই কণ্ঠ নিগৰাই যেন আশীষ দি গ’ল ছবিখনকঃ


০০০০০০০০০০০০
অনুপমা  বৰগোহাঁই : `প্ৰথমেই আপোনাক অভিনন্দন জনালোঁ আপোনাৰ সৃষ্টিয়ে যথাযোগ্য স্বীকৃতি পোৱা বাবে ...লগতে ধন্যবাদ জনালোঁ পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ তথা অসমৰ গৌৰৱ মাজুলীৰ সংস্কৃতি আৰু যন্ত্ৰণাৰ উচুপনি বিশ্ব-দৰবাৰত উপস্থাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে!! মই “অসমীয়া সুখ দুখ” নামৰ অনলাইন দৈনিক কাকতখনৰ হৈ পৰা আপোনাক কেইটিমান প্ৰশ্ন কৰিব বিচাৰিছো ! 
বিদ্যুত  কটকী :  ধন্যবাদ !


বিদ্যুত কটকী
আমাৰ প্ৰশ্ন ১ :  আপোনাৰ ছবি-“এখন নেদেখা নদীৰ সিপাৰে” বিশ্ব-দৰবাৰত স্বীকৃতি পোৱাত আমি অসমবাসীয়ে নথৈ  আনন্দ পাইছো। আপুনিও  স্বাভাৱিকতে  আনন্দৰ লগতে উৎসাহিতো হৈছে নিশ্চয়। প্ৰথমেই মোৰ জানিবলৈ মন গৈছে  আপোনাৰ সফলতাত আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কিমান অৰিহণা আছে ..বিশেষকৈ আপোনাৰ পত্নীৰ কেনে অৱদান জনাব নেকি ?

বিদ্যুতৰ উত্তৰ : এয়া মোৰ সফলতা বুলি নকওঁ ;  ই মোৰ এটা কল্পনাক বাস্তৱ কৰাৰ এটি ক্ষুদ্ৰ পদক্ষেপ মাথো। ছবি নিৰ্মান যিহেতু আমাৰ দৰে মধ্যম বৰ্গৰ  মানুহৰ বাবে নিৰাপত্তাজনক অৰ্থনৈতিক সংস্থাপন নহয়, সেয়ে মোৰ এই ইচ্ছাক ফলৱতী কৰাত প্ৰথমে পৰিয়ালৰ পৰা মৃদু আপত্তি পাইছিলোঁ কিন্তু পিছলৈ মোৰ সপোন বাস্তৱ কৰিবলৈ পৰিয়ালৰ সম্পূৰ্ণ সহায় সমৰ্থন পাইছিলোঁ।  মোৰ পত্নী , বন্ধু- বান্ধৱ সকলোৰে প্ৰেৰণা, সহায় সমৰ্থন এই ক্ষেত্ৰত অনস্বীকাৰ্য্য ! 

আমাৰ প্ৰশ্ন ২ : আপোনাৰ বাল্যবন্ধু প্ৰতিভু দত্তৰ এটি লেখনিৰ যোগে   আমি জানিব পাৰিছোঁ যে- আপোনাৰ  পিতৃয়ে  আপোনাৰ এই ছবি নিৰ্মাণৰ হেঁপাহটোক বৰকৈ প্ৰশয় নিদিছিল .. কিন্তু আপুনি  কিশোৰ অৱস্থাতেই  লাইট, কেমেৰা, একশ্বন  আদিৰ লগত অভ্যস্ত হৈছিল। তাৰপিছত পূণেত পঢ়িবলৈ গ'ল আৰু তাতো আপোনাৰ প্ৰিয় বিষয় “ছবি নিৰ্মাণ”ৰ আখৰা কৰি গৈছিল নিশ্চয় ! অসমীয়া মাধ্যমত পঢ়া এজন অসমীয়া ল’ৰা, তাতে যাৰ পৰিয়ালত মই জনাত অভিনয় জগতৰ লগত কাৰো সম্পৰ্কই নাছিল, সেইজন ল’ৰাই কি দৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ছবি, ডকুমেন্টেৰী  আদি  বনাবলৈ সাহস আৰু প্ৰেৰণা পালে তাৰ থুলমূল আভাষ এটা দিব নেকি ? 

বিদ্যুতৰ উত্তৰ : ছবি নিৰ্মাণৰ হেঁপাহ সৰুৰে পৰাই আছিল যদিও পূণেত গৈ প্ৰথমেই মই ছবিতকৈ নাটকৰ লগতহে  জৰিত আছিলোঁ  বাটে ঘাটে নাটক কৰিছিলোঁ ..নাটক লিখিছিলোঁ। নিজৰ মনৰ ভাববোৰ প্ৰকাশ কৰিবৰ বাবে লিখাৰ মাধ্যম বাচি লৈছিলো ,যদিও মই লিখা মেলা কামত বেছি পাৰ্গত  নাছিলোঁ বা লেখা মেলাৰ প্ৰতি বৰ আগ্ৰহীও নাছিলোঁ৷ 

তথাপিও এইটো তাড়নাতেই লিখিছিলোঁ যে মই ক'ব বিচৰা কথাখিনি মই নিজে লিখিলেহে  নাটক আকাৰে  বাস্তৱ সন্মত ভাবে  প্ৰকাশ কৰিব পাৰিম !  মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ। হিন্দী ভাষা কেৱল তিনিটা বছৰ পঢ়িছিলোঁ। ইংৰাজী পঞ্চম শ্ৰেণীৰ পৰাহে শিকিছিলোঁ। গতিকে প্ৰথমে নিজৰ লেখাখিনি হিন্দী বা ইংৰাজীত লিখোঁতে অলপ অসুবিধা হৈছিল। কিন্তু এয়া ক্ষন্তেকৰ বাবেহে। মই  নিজৰ কথাখিনিক আন ভাষাত প্ৰকাশৰ উপযোগী কৰি লিখিবৰ  বাবে কলেজত থাকোঁতে হিন্দী ভাষাটো নতুনকৈ  পুনৰ শিকিছিলোঁ। ইংৰাজী ভাষাৰে ভাব বিনিময় কৰিবলৈ বা লিখিবলৈ কোনো বিশেষ অসুবিধা পোৱা নাছিলোঁ। নিজৰ মাতৃভাষাত পঢ়াৰ বাবেই নিজৰ ঠাইখনৰ কথা ভালকৈ উপলব্ধি কৰি অন্য ভাষাতো লেখি ভালদৰে প্ৰকাশ কৰিব পাৰিছোঁ। ভাষা কোনোদিনে কোনো ক্ষেত্ৰতে মোৰ অন্তৰায় হোৱা নাছিল।   ভাষাই সংযোগ স্থাপনত সহায় কৰে .. ই কাৰো সফলতা বা বিফলতাৰ কাৰক নহয়। 

আমাৰ প্ৰশ্ন ৩ : অসম ৰাজ্যখন আৰু ইয়াৰ মানুহবোৰক লৈ অসমৰ বাহিৰত বহুলোকৰে যথেষ্ট হীন আৰু ভুল ধাৰণা এটা আছে। তাৰ মাজতে আপুনি কিদৰে নিজকে অনা-অসমীয়াসকলৰ  ওচৰত নিজকে প্ৰমাণিত কৰি তেওঁলোকৰ বিশ্বাস আৰু আস্থাৰ পাত্ৰ হব পাৰিলে ?

বিদ্যুতৰ উত্তৰ :  আমাৰ অসমখন আৰু অসমীয়া মানুহক লৈ বাহিৰত বহুলোকেৰে ভুল ধাৰণা এটা আছে, এয়া সঁচা। অবশ্যে ইয়াৰ বাবে  আমি অসমীয়া মানুহসকলো সমানেই জগৰীয়া। আমি নিজেই যদি আমাৰ কথাবোৰ আনৰ আগত নকওঁ তেন্তে আনে  আমাক কিয় বুজিবলৈ বা জানিবলৈ চেষ্টা কৰিব।  পুণেত থকা সময়ত মই সকলো মাৰাঠী মানুহৰ লগত এটা ভাল সৰ্ম্পক বজাই  ৰাখিব পাৰিছিলোঁ। তেওঁলোকৰ মাজত অসমীয়া বুলি কেতিয়াও  কোনো তিক্ত অভিজ্ঞতা পোৱা বুলি মনত নপৰে। চাওঁক, আপুনি যতেই নাথাকক কিয় তাৰ সংস্কৃতিৰ লগত জড়িত হলেহে তেওঁলোকৰ বিষয়ে জানিব পাৰিব আৰু নিজৰো সংস্কৃতিৰ কথা আনক অৱগত কৰিব পাৰিব।  এটা কথা  মই অন্তৰেৰে বিশ্বাস কৰো _“মোৰ আইক ভাল পাওঁ” বুলি ক'লে আনৰ আইক বেয়া পোৱাটো নুবুজায়। 

আমাৰ প্ৰশ্ন  ৪ :  ছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ বটাৰ চূড়ান্ত পয্যায়লৈ  নিৰ্বাচিত হোৱাৰ পিছতো কেৱল হিন্দী সংলাপ থকাৰ বাবেই জুৰিৰ সদস্যসকলে ছবিখনক অগ্ৰাহ্য কৰা বুলি জানিব পৰা গৈছে। আপোনাৰ মতে ছবিখনত হিন্দী সংলাপ অপৰিহায্য আছিল বুলি আপুনি ভাবে নেকি বা আন  অৰ্থত হিন্দী সংলাপ নথকা হ’লে ছবিখনে বাস্তৱধৰ্মীতা হেৰুৱালেহেঁতেন  বুলি আপুনি ভাবে নেকি ?

বিদ্যুতৰ উত্তৰ :  হিন্দী সংলাপ থকাৰ বাবেই ৰাষ্ট্ৰীয় বঁটাৰ বাবে ছবিখনক অগ্ৰাহ্য কৰিলে এয়া সঁচা যদিও, প্ৰকৃত সত্যটো পাকলগা। যিহেতু বৰ্তমান এই পাক খুলিবৰ বাবে সকলো তথ্য প্ৰমাণ  মোৰ হাতত নাই, সেয়ে  এতিয়া বিশেষ নকওঁ - কিন্তু সত্যটো  সময়ে নিশ্চয় ক'ব। চেঞ্চৰ বৰ্ডে  “অসমীয়া ছবি” বুলিয়েই মনোনীত কৰি পঠিয়াই দিয়া বোলছবিখন হঠাৎ কেনেকৈ প্ৰতিযোগিতাৰ বাবে অমনোনীত হব পাৰে সেয়া বিচাৰ্য ! 

আপোনাৰ প্ৰশ্নটোৰ দ্বিতীয় অংশটোৰ উত্তৰত কম যে-  অসমীয়া চিনেমা এখনত  পৰিস্থিতি সাপেক্ষে হিন্দী সংলাপ থকাটো নিতান্তই প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে - অসমীয়া মানুহ এজনে দিল্লীলৈ আহি  দিল্লীৰ টেক্সীচালক এজনৰ লগত কেতিয়াও অসমীয়াত কথা নাপাতে বা নোসোধে। তেনে এটা দৃশ্য চিত্ৰায়ন কৰোঁতে   হিন্দী ভাষা প্ৰয়োগ নকৰি অসমীয়া ভাষা প্ৰয়োগ কৰিলে  ছবিখনে বাস্তৱধৰ্মীতা  হেৰুৱালেহেঁতেন বুলিহে মই ভাবো। 

আমাৰ প্ৰশ্ন ৫ :  ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ  জুৰিৰ অন্যতম অসমীয়া সদস্য হীৰেন বৰাই  এই বিতৰ্কই তেওঁক যথেষ্ট মানসিক আঘাত দিয়াৰ কথা উল্লেখ কৰাৰ উপৰিও কৈছিল যে “ৰাষ্ট্ৰীয় বঁটা অৰ্জনৰ বাবে যি মানৰ প্ৰয়োজন, ছবিখন সেই মানৰ হৈছে নাই সেয়া অসমৰ ৰাইজে অনাগত সময়ত নিঃসন্দেহে বুজি পাব” ..এই  কথাকেইষাৰিয়ে মোৰ মতে ছবিখনৰ প্ৰতি  ঋণাত্মক  ধাৰণা এটাহে দিয়া যেন লাগিছে, আপুনি কি কব বিচাৰিব ?

বিদ্যুতৰ উত্তৰ :   তেখেতে শুদ্ধ কথাই কৈছে। অসমৰ ৰাইজে ছবিখন চোৱাৰ পাচত  ছবিখনত ৰাষ্ট্ৰীয় বঁটা অৰ্জনৰ বাবে যি মানৰ প্ৰয়োজন, সেইয়া আছানে নাই  নিঃসন্দেহে বুজি পাইছে !

আমাৰ প্ৰশ্ন ৬ :  মাজুলীত নিৰুদ্দিষ্ট হোৱা সমাজকৰ্মী সঞ্জয় ঘোষৰ সৈতে আপোনাৰ ছবিখনৰ কোনো সম্পৰ্ক নাই বুলি আপুনি কৈছে .... কিন্তু মই জানিব বিচাৰিছোঁ কেনে ধৰণৰ পৰিবেশ বা পৰিস্থিতিয়ে আপোনাক  কাহিনীটো লিখিবলৈ আৰু চলচিত্ৰ ৰূপ দিবলৈ প্ৰেৰিত কৰিছিল ?  বাস্তৱৰ লগত যথেষ্ট মিল আছে কাহিনীটোৰ লগতে পটভূমি ও একে : গতিকে সকলোৰে মনত এনে ধাৰণা অহাটো স্বাভাৱিক বুলি আপুনিও স্বীকাৰ কৰিব।

বিদ্যুতৰ উত্তৰ : সঞ্জয় ঘোষৰ জীৱনৰ কাহিনীয়ে মোক এই কাহিনীটো লিখিবলৈ প্ৰেৰিতহে কৰিছিল৷ কিন্তু যিহেতু মোৰ তেখেত লগত কোনো সম্পৰ্ক নাই আৰু মই তেওঁৰ বিষয়ে বিশেষ নাজানোঁ, সেয়ে মই তেওঁৰ   জীৱন ভিত্তিত  এই ছবি বনোৱাৰ প্ৰশ্নই নুঠে। 

আমাৰ প্ৰশ্ন ৭:  বিতৰ্কই  যিকোনো বিষয়ত এটা বেছি প্ৰচাৰ দিয়ে ..গতিকে আপোনাৰ ছবিখন লৈ হোৱা বিতৰ্কক লৈ আপুনি  সুখী নেকি ? 

বিদ্যুতৰ উত্তৰ :  (অলপ হাঁহি) কথাটো একেবাৰে সচাঁ নহয় বুলি হয়তো ক'ব নোৱাৰি। কিন্তু আচল কথাটো হ'ল বিৰ্তক চলি থকা সময়খিনি মুঠেই সুখৰ হয়। সেই সময়খিনিত এটাই মাথো চিন্তা আছিল-এইটো এটা অন্যায় আৰু ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব। অন্যায়ৰ প্ৰতিবাদ নকৰাটোও এটা অন্যায়।  আচল কথা হ’ল বিৰ্তকই কেতিয়াও সুখ নিদিয়ে।

আমাৰ প্ৰশ্ন ৮ :  আপোনাৰ ছবিখনে অসমৰ যন্ত্ৰণা, পৃথিবীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ উচুপনি আৰু ইয়াৰ শিল্প সংস্কৃতি আদিৰ কথা সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাত আপুনি  নিজে আশা কৰা  মতেই সফল  হৈছে বুলি ভাবেনে ?

বিদ্যুতৰ উত্তৰ :  এয়া দৰ্শক  সকলেহে ক'ব। মোৰ কথা হ'ল : মই সেই সময়ত, সেই পৰিবেশত যিমানখিনি সামৰ্থ বা সুবিধা আছিল, তাকে লৈ অতি সততা আৰু আন্তৰিকতাৰে মই ছবিখন  নিৰ্মাণ কৰিছিলোঁ , গতিকে আত্মসন্তুষ্টি আছে যদিও এতিয়া মই ছবিখনত বহু কেইটা ভুলো দেখা পাওঁ। ইয়াৰ পিছৰ ছবিত তেনে ভুল নকৰো।

আমাৰ প্ৰশ্ন ৯ :  ছবিখনে মাজুলীৰ বৰ্তমান দুখলগা পৰিস্থিতিৰ কিবা অলপ পৰিবৰ্তন  কৰিব পাৰিব বুলি আপুনি আশা কৰেনে ?

বিদ্যুতৰ উত্তৰ :  ছবি এখনে সমাজ সলনি কৰিব নোৱাৰে কিন্তু কৰবাত নহয় কৰবাত বাৰ্তালাপ এটাৰ সৃষ্টি কৰিব পাৰে। হয়তো মোৰ ছবিখনে বাৰ্তালাপ এটাৰ সৃষ্টি কৰিবলৈ সক্ষম   হৈছে বা হ'ব বুলি আশা কৰিছোঁ।

আমাৰ প্ৰশ্ন  ১০ :  ছবিখনে বিদেশী পৰ্যটকক আকৰ্ষণ  কৰিবলৈ তথা মাজুলী নদীদ্বীপটো সংৰক্ষণ কৰিবলৈ কোনোবা বিদেশী পৰিবেশবিদক উদ্বুব্ধ কৰিব পাৰিব..এনে আশাও আপোনাৰ আছিল নেকি ?

বিদ্যুতৰ উত্তৰ :  ছবিখন সৃষ্টি কৰাৰ  মূল উদ্দেশ্য পৰ্যটকক আকৰ্ষণ কৰা-এনে নাছিল। মই মাত্ৰ কাহিনী এটাহে ক'ব বিচাৰিছিলোঁ। মই  মাজুলীক অন্তঃকৰণেৰে ভালপাওঁ, ছবিখনৰ কাহিনীটোত মই নিজে অতি প্ৰভাৱিত। কাহিনীটোৰে দৰ্শককো প্ৰভাৱিত কৰিবলৈ লগতে মাজুলীৰ  সৌন্দৰ্যখিনিও  ছবিত ফুটাই তুলিবলৈ যদি সমৰ্থ হৈছোঁ, তেনে নিশ্চয় কোনোবা তৃতীয় ব্যক্তিয়েও সেই সৌন্দৰ্য উপলব্ধি কৰিব আৰু ছবিখনৰ যোগেদি এনে আনুষংগিক কামবোৰো হ'ব  বুলি আশা কৰিব পাৰোঁ !

আমাৰ প্ৰশ্ন ১১:  ছবিখনত অনা-অসমীয়া অভিনেতাৰ অসমীয়া কোৱাৰ ক্ষেত্ৰত উচ্চাৰণত অলপ খোকোজা থাকি যোৱা বুলি শুনিছো। আপুনি  অনা-অসমীয়া অভিনেতা কেইজনৰ কণ্ঠস্বৰ কোনো অসমীয়া অভিনেতাৰ দ্বাৰা কৰাৰ কথা কিয় নাভাবিলে ? (অৱশ্যে ব্যক্তিগত ভাবে মই আপুনি আমাৰ অসমীয়া ভাষাটো অনা অসমীয়া অভিনেতাৰ মুখে কোৱাৰ বাবে বৰ সুখী হৈছো)

বিদ্যুতৰ উত্তৰ :   এই  আসোঁৱাহটোৰ সম্পূৰ্ণ  দায়িত্ব মোৰ.... যদিও কৈফিয়ৎ হিচাপে মই কিছুমান অসুবিধাৰ কথা কব পাৰো ( যেনে ছবি নিৰ্মাণ কৰোতে লগা দীঘলীয়া সময়, ঘাত- প্ৰতিঘাট,   এজন মুখ্য-সহযোগী   সন্দীপ সাহাৰ হঠাৎ মৃত্যু , অৰ্থৰ সীমাবদ্ধতা আদি )  সেইখিনি কৈফিয়ৎ  দিয়াতকৈ   মই  ছবিখনৰ এইখিনি আসোঁৱাহ নিজে গাত পাতি লৈছো আৰু ভৱিষ্যতে  নিৰ্মাণ কৰিবলৈ লোৱা  ছবি সমূহক এনে  আসোঁৱাহৰ পৰা মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰিম। 

আমাৰ প্ৰশ্ন ১২ :  ড: ভূপেন হাজৰিকাই আপোনাৰ ছবিত কন্ঠদান কৰা কবিতাটোৰ ৰচনা আপোনাৰে আছিল, কবিতাটোত কন্ঠদান কৰাৰ সময়ত সুধাকন্ঠই আপোনাক কেনেদৰে উৎসাহিত কৰিছিল বা কি মন্তব্য দিছিল৷ সেয়া আমাকো জানিব দিবনে ?

বিদ্যুতৰ উত্তৰ :    ভূপেন মামাই কবিতাটো ৰেকৰ্ডিং  কৰাৰ মূহূৰ্তত কি কথা কৈছিল সেয়া মোৰ   ব্লগত ( http://bidyutkotoky.com) ত বাণীবদ্ধ কৰি ৰাখিছো, যিখিন কথা মই নিজ মুখেৰে কব নোৱাৰিম  .. ভূপেন মামাৰ লগত অতিবাহিত কৰা সেই ক্ষণটো মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব ..!!
(এই অভিজ্ঞতাক স্পৰ্শ কৰিবলৈ তলৰ ভিডিঅ’টো চাওক)
আমাৰ প্ৰশ্ন ১৩:  অসমৰ বাহিৰৰ অভিনেতা আৰু অসমৰ অভিনেতাৰ সৈতে কাম কৰাৰ মাজত  কিবা পাৰ্থক্য আছে বুলি ভাবেনে ? 

বিদ্যুতৰ উত্তৰ : নাই নাভাবো। ভাষা মানুহে নিজে সৃষ্টি কৰা এখন বেৰা। সকলো ভাষা ভাষী মানুহৰে অন্তৰ আচলতে একেই। আমাৰ ছবিখনত ৮/৯ টা মান ভিন্ন ভাষাৰ  মানুহে  একেলগে কাম কৰিছিল। কোনেও কতো একো অসুবিধা পোৱা নাছিলোঁ ..  এটা ডাঙৰ সমন্বয়  হৈছিল কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে। আৰু ভাল লাগিব লগীয়া কথা এইটোও আছিল যে বোলছবিখনৰ  সকলো অনা- অসমীয়া কলাকুশলীয়ে  আমাৰ অসমখনক ভালপাই গৈছে !!

আমাৰ প্ৰশ্ন ১৪:  আপুনি বৰ্তমান কি প্ৰকল্পত জড়িত হৈ আছে ?  অসমীয়া  জনপ্ৰিয় সাহিত্যিকৰ কোনো গল্প  বা  উপন্যাস লৈ ছবি নিৰ্মাণৰ আঁচনি বা ভৱিষ্যতৰ  পৰিকল্পনা আছে  নেকি ? 

বিদ্যুতৰ উত্তৰ :  যোৱা দুবছৰৰ পৰা  ডকুমেণ্টৰী এখনৰ কাম কৰি আছো  “গানচ এন্ড গিটাৰচ্” - উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰবাদী আৰু সংগীতৰ  ওপৰত।  ডকুমেণ্টৰীখনৰ কাম দুমাহমানৰ ভিতৰত সম্পূৰ্ণ হব। বাকী আৰু নানা সপোন আছে। যিহেতু বোলছবি এটা খৰচী কলা গতিকে অৰ্থনৈতিক সীমাবদ্ধতাই এটা সৰু  হেঙাৰ সৃষ্টি কৰি আহিছে। বৰ্তমান নিজেই লিখি ৰখা/ ক'ব বিচৰা বহুবোৰ কাহিনী আছে তাকে চিত্ৰৰূপ দিয়াৰ কথা ভাবিছোঁ .. অসমীয়া  জনপ্ৰিয় সাহিত্যিকৰ কোনো গল্প  বা  উপন্যাস লৈ ছবি নিৰ্মাণৰ আঁচনি সদ্যহতে নাই। অদূৰ ভবিষ্যতে হয়তো ভাবিব পাৰোঁ।

আমাৰ প্ৰশ্ন ১৫ : আপোনাৰ পৰা আমি অসমীয়া ৰাইজে বহুত  আশা কৰিছো। ছবিৰ মাধ্যমেৰেই আপুনি অসমৰ সমস্যাবোৰ  বা অসমৰ গৌৰৱবোৰ বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাই নহয়  আমাৰ সমস্যাবোৰৰ সমাধানৰ পথ দেখুওৱাৰ লগতে বিশ্বৰ আন  আন উন্নত দেশৰ সমানে অসমকো সন্মানজনক স্থান দিয়াত সহায় কৰিব। ধন্যবাদ !

বিদ্যুতৰ উত্তৰ :  ধন্যবাদ। লগতে আৰু এটা কথা কওঁ যে আমাৰ অসমৰ কথাছবি জগতৰ  অৰ্থনৈতিক অৱস্থা বৰ ভাল নহয় আৰু সেই অসুবিধা দুৰ  কৰিবলৈ হলে আমি  নিজৰ পৰিসীমা বহল কৰিব লাগিব অৰ্থাৎ অসমীয়া  ছবি কেৱল অসমত প্ৰদৰ্শণ কৰিলেই নহ'ব, অসমৰ বাহিৰেও ভাৰতৰ আন  ঠাইত- প্ৰয়োজন হলে দেশৰ বাহিৰতো  চাব পৰাকৈ বনাব লাগিব।  লোকক অনুসৰণ নকৰি  নিজৰ  স্থানীয় কাহিনীৰে, স্থানীয় ভাষাৰে ছবি নিৰ্মাণ কৰিব লাগিব। এনে ছবিবোৰৰ চাব-টাইটেল কৰি পৃথিৱীৰ অন্যান্য ঠাইতো চাব পৰাৰ  ব্যৱস্থা কৰিব লাগে।।  তেতিয়াহে আমাৰ বোলছবি বিশ্বজনীন  হব।   আৰু   এনেদৰে আগবাঢ়িলে হে মোৰ বোধেৰে আমাৰ অসমীয়া ছবিৰ বজাৰ বহল হব আৰু অৰ্থনৈতিক ভাবেও সৱল হব।

                                       ০০০০০০০০০০০

[মোৰ উপলব্ধি : ১৭/৫/১৩ তাৰিখে বন্ধু প্ৰতিভূ দত্তই কথা পাতি নিৰ্ধাৰণ কৰি দিয়া সময়মতে  অসমীয়াৰ সুখ-দুখ কাকতৰ প্ৰতিষ্ঠাপক অজয়লাল দত্তই  দিয়া নম্বৰত  দুই তিনিবাৰ ফোন কৰিলো বিদ্যুত কটকীলৈ বুলি। প্ৰতিবাৰতে ফোনত  ইংৰাজী আৰু মাৰাঠী _ এই দুই ভাষাত  “এয়াৰটেলৰ এই নম্বৰটোৰ গ্ৰাহকজনে আপোনাৰ  আহ্বানৰ প্ৰত্যুত্বৰ দিব বিচাৰা নাই”” ..এনেধৰণৰ সংকেত পাই চিন্তাত পৰিলোঁ। দুটা চিন্তা  লগে লগে মোৰ মনত আহিল .. ১. হয়তো ফোন নম্বৰটো ভুল হৈছে। ২. হয়তু  সফলতা আৰু জনপ্ৰিয়তাৰ  চিকমিকনিয়ে বহুবোৰ ব্যক্তিক অহংকাৰ নামৰ বিহে  কাহিল কৰাৰ দৰে এখেতকো কাহিল কৰিলে !!..

কিন্তু  মোৰ  আশংকা  কিছু সময়ৰ পিছতে  মিছা বুলি প্ৰমাণিত কৰি ফোনটো বাজি উঠিল। অত্যন্ত অমায়িক কন্ঠৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালকজনে মোৰ দৰে  অচিনাকি সাধাৰণ গৃহিণী এগৰাকীক সময়ত ফোনটো ধৰিব নোৱাৰাৰ বাবে ক্ষমা খুজিলে আৰু অতি সুন্দৰ আৰু সাৱলীল ভাবে মোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ অতি স্পষ্ট আৰু সৰল ভাবে, প্ৰয়োজন সাপেক্ষে দীঘলীয়াকৈ দি গ'ল। সামান্য খ্যাতি বা সফলতাতে  “মই বৰ” ভাব আৰু অহংকাৰে  পুতি পেলোৱা বহুজন ব্যক্তিৰ সন্মুখীন হৈছো। কিন্তু বিদ্যুত কটকীৰ দৰে ব্যক্তিক লগ পাই এনে লাগিল যে হয় প্ৰকৃত প্ৰতিভাশালী,  সততা আৰু নিষ্ঠাৰে ভাল কাম কৰিবলৈ আগবাঢ়ি অহা ব্যক্তি সদায় বিনম্ৰই হয় আৰু এনে বিনম্ৰতাই তেওঁলোকৰ সফলতাৰ বাট অধিক প্ৰশস্ত কৰে। সেয়ে তেওঁলোকৰ  সফলতা আৰু জনপ্ৰিয়তাই আকাশ চুবলৈ সক্ষম হয়। বিদ্যুত কটকীৰ সকলো সপোন বাস্তৱ হওঁক ..বহুদুৰ আগুৱাই যাওঁক তেওঁ  আৰু তেওঁৰ লগতে আমি অসমীয়া সকলো আগুৱাই যাম !!!]


(সাক্ষাৎকাৰটো যুগুত কৰাৰ বাবে অনুপমা বৰগোহাঁই বাইদেউ আৰু সহায়ৰ বাবে প্ৰতিভূ দত্ত দেৱকৈ কৃতজ্ঞতা জনালো ৷
-সম্পাদক, অসমীয়াৰ সুখ -দুখ)

No comments:

Post a Comment