Thursday, June 25, 2015

সোঁতৰ বিপৰীতে




লোকসংগীতৰ প্ৰয়োজনীয়তা

#অৰুণজ্যোতি দাস



বিগত এটা দশকৰ পৰা ন অসমীয়া সংগীত শিল্পীসকলে যি ধূম-ধামেৰে সংগীত উৎপাদন কৰি ‘চি.ডি.’ বা ‘কেছেট’ ৰূপত বজাৰত এৰি দিছে,সেয়া মন কৰিলে বুজিব পাৰি যেতেওঁলোকৰ সংগীত-সাধনাৰ আগ্ৰহতকৈ ব্য‌ৱসায়মুখী জনপ্ৰিয়তা অৰ্জনৰ আকাংক্ষা বেছি । মন কৰিবলগীয়া কথাটো হৈছে যে অসমীয়া ৰাইজে(বিশেষকৈ যু‌ৱ-সমাজে) তেওঁলোকৰ গীত শুনিছেও, অৰ্থাৎ তেওঁলোক বাণিজ্যিকভা‌ৱে সফল আৰু জনপ্ৰিয়ও হৈছে । আমি ভা‌ৱোঁ, ইয়াৰ ফলত অসমীয়া সংগীতৰ জগতখন কিছু পৰিমাণে হ’লেও প্ৰদূষিত হৈছে ।

এতিয়া আপুনি প্ৰশ্ন কৰিব,গীতৰ মান যদি নিম্নই হয়,তেন্তে সেয়া জনপ্ৰিয় হৈছে কেনেকৈ? ভাল নলগাকৈ মানুহে এটা গান আঁকো‌ৱালি ল’ব পাৰেনে?

জিতুল, জুবিনকে আদি কৰি এই সোঁতত সমিল(চামিল!) হো‌ৱা প্ৰায় সকলো সংগীত-শিল্পীয়েই পশ্চিমীয়া সংগীতৰ অনুকৰণেৰে বা অনুপ্ৰেৰণাৰে(প্ৰাৰ্থক্য নাই বুলিবই পাৰি এই ক্ষেত্ৰত!) নানা পৰীক্ষা-নিৰীক্ষা কৰি নতুন আধুনিক অসমীয়া গীত কিছুমান সৃষ্টি কৰি এটা ধাৰা বোৱাই আনিছে । তেওঁলোকে এই গীতবোৰত অনা-থলু‌ৱা বাদ্য-যন্ত্ৰও সংগত কৰিছে ।এনে সংগীতেৰে অসমৰ আকাশ-বতাহ ভৰি পৰাৰ ফলতে পশ্চিমীয় সংগীতৰ জোৱাৰে অসমীয়া ডেকা-ডেকেৰীক বাৰুকৈয়ে প্ৰভা‌ৱান্বিত কৰিছে । বিশ্বজনীন জ্ঞানৰ দু‌ৱাৰ গৰকা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, বিদ্যালয়ৰ চৌহদ গচকি নো‌পো‌ৱা পেন্দোকণাহঁতৰ মুখতো ‘চাকিৰা’, ‘মাইকেল’, ‘একন’ৰ গীত নিত্য বিদ্যমান হৈ উঠিছে ।বহুতেই আকৌ বুজি নাপালেও হকে-বিহকে কিছুমান ইংৰাজী গান শুনি বা শুনি দেখু‌ৱাই নিজকে ‘সময়তকৈ আগত দৌৰা’সকলৰ মাজৰে এজন বুলি জাহিৰ কৰিবলৈ ভাল পোৱা হৈছে । ই সিমান এটা শুভ লক্ষণ বুলি আমাৰ মনে নধৰে ।

বয়স্ক সকলৰ লগতে জুবিন,দীক্ষুহঁতৰ গান শুনি ভালপো‌ৱাৰো অধিকাংশই স্বীকাৰ কৰিব যে পুৰণী অসমীয়া গীতসমূহে আজিও তেওঁলোকৰ মন-প্ৰাণ জুৰ পেলায় । দেখা যায় যে ,লতা-কিশোৰ-ৰফি-মুকেশ-য়েচুদাসৰ পুৰণি হিন্দী গীতবোৰে কে‌ৱল ভাৰতবৰ্ষতেনহয়,সমগ্ৰ বিশ্বতে মানুহৰ অন্তৰ জিনিব পাৰিছে আৰু শ শ বছৰলৈ সিবোৰ অমৰ হৈথাকি মানুহক সংগীতৰ অমিয়া সুধা বিলাই থাকিব পাৰিছে বা পাৰিব ।ইয়াৰ কাৰণ হিচাপে আমি ক’ব খুজিম যে সিবোৰ গীতত কথা,সুৰ আৰু সংগীতৰ শ্ৰেষ্ঠতম সংমিশ্ৰণ ঘটিছে য’ত গীতিকাৰৰ কথাংশ ভাৰতীয় থলু‌ৱা লোকসংগীত আধাৰিত (বা লোকসংগীত-উদ্ভুত) সুৰেৰে সুনিৰ্দিষ্ট তাল-লয়ৰে সংযোজিত হৈ গায়ক/গায়িকাৰ গীতটিৰ প্ৰতি উৎসৰ্গিত কন্ঠৰ মাজেৰে প্ৰকাশ পাই পূৰ্ণৰূপ ধাৰণ কৰিছে ।

******
যো‌ৱা দশকটোৰ অসমীয়া গীতৰ বিশ্লেষণ কৰিবলৈ যাওঁতে জুবিন গাৰ্গদে‌ৱৰ নাম উল্লেখ কৰিবই লাগিব ।কাৰণ তেওঁ এনে এটা যুগৰ একছত্ৰী সংগীত-সে‌ৱক ৰূপে ইতিমধ্যেই চিহ্নিত আৰু যু‌ৱ-প্ৰজন্মৰ হিয়াৰ মণি হিচাপে পৰিগণিত হৈছে । আমি এনে জুবিন-অনুগামী বান্ধ‌ৱৰ সান্নিধ্যও পাইছোঁ, যিয়ে তেখেতৰ যিকোনো গীতৰ সংকলন মুক্তি পো‌ৱাৰ দিনাই কিনি আনি শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকে । মাহেকজোৰা একেকেইটা গান শুনা আৰু শুনো‌ৱা কাৰ্যসূচীৰ পিছত বিশ্লেষণাত্মক মন্তব্য আহে ,- ‘‘বুজিছা, জুবিনৰ গান প্ৰথমবাৰ শুনি কোনেও ভাল নাপায়,চাৰি-পাঁচবাৰ শুনি চো‌ৱা,তাৰ পিছত দেখিবা তুমি‘এডিক্টেড’ হৈ গৈছা!”। যদি বান্ধ‌ৱৰ কথাই সঁচা

তেন্তে জুবিন গাৰ্গদে‌ৱৰ গীতে দেখোন প্ৰথম শ্ৰ‌ৱণতে আমাক সন্মোহিত কৰিব নো‌ৱাৰে,তাক জোৰ কৰি আমিহে চিনাকী ভাললগা গীত কৰি লওঁ ! এইবোৰ বৰ পাকলগা কথা!

আৰু আমাৰ বিশ্বাস, এয়াই ঘটি আছে আমাৰ অসমীয়া সংগীত জগতত! আমাক জোৰ কৰি শুনো‌ৱা হৈছে অনা-থলু‌ৱা সুৰ-সংগীতৰ তথাকথিত আধুনিক সংগীত ।এইবোৰকে আমি ভাল পাবলৈ লৈছোহঁক ।

জী‌ৱবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা আৰু গ‌ৱেষণাৰদ্বাৰা দাবী কৰে যে পিতৃ-মাতৃৰ দৈহিক গঠনৰ লগতে বিভিন্ন মানসিক গুণাগুণ আৰু প্ৰতিভাও তেঁওলোকৰ সতি-সন্ততিয়ে জন্মসূত্ৰে লাভ কৰে । সেই হিচাপত পুৰণি গীতৰ অনুৰাগী সকলো মাক-দেউতাকৰ সন্তানেও সুমধুৰ গীত পছন্দ কৰাৰ এটা জৈ‌ৱিক কাৰক ইতিমধ্যেই শৰীৰত কঢ়িয়াই ফুৰিছে । কিন্তু তৎসত্ত্বেও আমাৰ আজিৰ যু‌ৱ-প্ৰজন্মই হুলস্থুলীয়া তেজোদ্দীপক সংগীত ভাল পাবলৈ লো‌ৱাৰ কাৰণ হৈছে ,আমাৰ দৃষ্টিত এটাই! 

সি হ’ল-মানুহ হৈছে এনে এক জী‌ৱ,যি যিকোনো অস্বাভা‌ৱিক পৰিস্থিতিতে পাৰ্যমানে নিজকে খাপ খু‌ৱাই বৰ্তিব পাৰে (adaptation)। আমাৰ কণমানিহঁতক আমি বিভিন্ন মাধ্যমযোগে তাৰ কাণৰ পৰ্দাত যেনে ধৰণৰ সংগীত শুনাইছোঁ, সি তেনেধৰণৰ সংগীতেই ভালপো‌ৱা হ’ব । আৰু সেয়াই হৈ উঠিব আমাৰ ন-প্ৰজন্মৰ সংগীত ।

লোকসংগীতৰ চৰ্চা ইমানেই কমি গৈছে যে,বিশেষ পৰ্ব, দি‌ৱস অবিহনে আমি এইবোৰৰ স্মৃতিচাৰণ নকৰোঁহক। কিন্তু চাবলৈ গ’লে লোকসংগীতবোৰ প্ৰকৃততে মানুহৰ দৈনন্দিন জী‌ৱনৰ গীত, এইবোৰ স্বত:স্ফূৰ্ত স্বাভা‌ৱিক সংগীত । এই পৃথি‌ৱীত লোকসংগীত বিহীন এটা জাতিৰ অস্তিত্ব নিশ্চয় নোলাব ।আৰু এক কথাত ক’বলৈ গ’লে এটা সংস্কৃতিবান জাতি গঠন প্ৰক্ৰিয়াতো লোকসংগীতৰ অৱদান অপৰিসীম ।

বিশ্বৰ সম্মুখত আমি আমাৰ ‘অসমীয়া সংগীত’ক কেনেদৰে উপস্থাপন কৰিম ?অন্য দেশৰ বা জাতিৰ জনপ্ৰিয় সংগীতেৰে অনুপ্ৰাণিত হৈ সৃষ্টি কৰা পশ্চিমীয়া সুৰ-শৈলীৰ গীতেৰে নে আমাৰ চহকী লোকসংগীতৰ ভঁৰালেৰে ? 

কাইলৈ আপোনাক যদি এজন ইংৰাজ লোকে ঔৎসুকতাবশত: এটা অসমীয়া গীত বজাই শুনাবলৈ কয়, আৰু আপুনি যদি আপোনাৰ ভাল লগা জুবিন গাৰ্গদে‌ৱৰ ‘পামনে মই ঘুৰাই আকৌ এবাৰ জী‌ৱনত’ বা ‘অমানিশা সাৰে আছে আৰু সাৰে আছোঁ মই’ গীতটি শুনায়,তেওঁ হয়তো আটাহ পাৰি উঠিবও পাৰে এইবুলি :-‘ইচ্ এইটো আকৌ কেনেকৈঅসমীয়া গীত হ’ল ? কথা কেইটাহে অসমীয়া!’ । অন্য‘আকাশে-বতাহে তোমাকে দেখিছোঁ’ শীৰ্ষক গীতটি শুনিলেও একেটাকে ভোঁৰভোঁৰাব।

[অসমত চৌৰ্যবৃত্তিৰে সংগীত সাধনা কৰা ‘শিল্পী’ৰ অভা‌ৱ নাই । তেৰাস‌ৱৰ মতে সিবোৰ চুৰি কৰা গীত নহয়, মাথোঁ সুৰৰ মিল থকা গীত! আৰু বিশ্বৰ অতসোপা সংগীত শিল্পীৰ দুই একোজনৰ ভা‌ৱ একে নহৈ পাৰেনে? ]

আমাৰ বোধেৰে ন অসমীয়া সংগীত-শিল্পীসকলে যদিহে নিজকে এই মাটিৰ মানুহ হিচাপে পৰিচয় দিব বিচাৰে তেন্তে কামিজত ‘খাঁটি-অসমীয়া’ বুলি লিখি প্ৰাশ্চাত্য-সংগীতৰ বৰতাল বজোৱাতকৈ লোকসংগীতৰ চৰ্চাত নিজকে নিয়োগ কৰিবলৈ শিকা উচিত । এই দেশৰ চিনাকী গীত-মাতবোৰ হৃদয়ত প্ৰতিষ্ঠা কৰি তাৰ আধাৰত ন-অসমীয়া সংগীত সৃষ্টি কৰক ।

প্ৰতিবেশী ৰাজ্যখনতে দেখা পো‌ৱা সাধাৰণ দৃশ্য :- চহৰৰ ধনীজনেই হওক অথবা গা‌ৱঁৰ চহাজনেই হওক, আজৰি সময়ত লগ হৈ একেলগে আনন্দেৰে ৰবীন্দ্ৰ সংগীতৰ এটা সুন্দৰ আবেলি পাৰ কৰে । ৰবীন্দ্ৰ সংগীতে প্ৰতিজন বাঙ্গালীৰ হৃদয়ত এক সুকীয়া আসন দখল কৰি আছে ,যিকোনো মূহুৰ্ততে সুখী কৰিব পৰাকৈ! আমাৰ বৰগীত, লোকগীতে তেনে স্থান লৈ আছে নে আমাৰ বাবে ? আৰু তেওঁলোকৰ ৰাজ্যৰপৰা কিমানজন গায়ক-গায়িকাই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত হ’ব পাৰিছে তাৰ নিশ্চয় হিচাপ নাই !

আমি ৰক্ষণশীল মনোভা‌ৱ পোষণ কৰি অসমীয়া পুৰণী গীতৰ দৰেই আজিও কে‌ৱল তেনেধৰণৰ গীতেই সৃষ্টি কৰিব লাগিব বুলি দাবী কৰা নাই ।অথবা কে‌ৱল হাৰমনিয়াম,তাবলা,দোঁতাৰাৰেই গীত হ’ব লাগিব বুলিও দোহৰা নাই ।এই বিশ্ব-ব্ৰহ্মাণ্ডত এটাই মাথোঁ ধ্ৰু‌ৱক(Constant), সি হৈছে ‘ৰূপান্তৰ’ (Change)। গতিকে নতুনক আমি আদৰি ল’বই লাগিব। 

আমি জোৰ দিয়া কথাটো হ’ল এয়ে যে, ন শিল্পীসকলে থলু‌ৱা গীত-মাত অথবা শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰ কৰি নতুন অসমীয়া গীত সৃষ্টি কৰক, য’ত আমাৰ লোকসংগীত সমূহৰ প্ৰতিফলন ঘটে আৰু যি সংগীতে নিমিষতে আমাৰ মন-প্ৰাণ জুৰ পেলায় ।

পুলক বেনাৰ্জী,সংগীতা বৰঠাকুৰ,তৰালী শৰ্মা- এনেধৰণৰ দুই একোজন শিল্পীয়ে আজিও শাস্ত্ৰীয় সংগীত আধাৰিত আধুনিক অসমীয়া গীত গাই আছে ; কিন্তু তেওঁলোকক খুব কমেইহে চিনি পায়, কাৰণ তেওঁলোকে জনপ্ৰিয় হ’বৰ বাবে গীত নাগায় ।

গতিকে এনে এক ন-জাগৰণ অসমৰ সংগীতৰ ইতিহাসত হ’বৰ বাবে মই ভা‌ৱোঁ অসমৰ থলু‌ৱা লোকসংগীত সমূহৰ প্ৰচলন,জনপ্ৰিয়তা,প্ৰসাৰ আৰু সংৰক্ষণ অতিকেই জৰুৰী হৈ পৰিছে ।

উৎসঃ লেখকৰ ব্লগঃ http://www.arunjyotisworld.blogspot.in/
---------------------------------------------------------------

ফেচবুকৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ

#প্ৰতিম প্ৰতাপ বৰুৱা


চ’ছিয়েল নেটৱৰ্কিং চাইট “ফেচবুক”ৰ ব্যৱহাৰকাৰীসকলৰ সপক্ষে আৰু বিপক্ষে বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সেই মন্তব্যসমূহৰ বিষয়ে ক’ব লগা একো নাই। কাৰণ প্ৰতিটো আহিলাৰে ভাল-বেয়া দুয়োটা দিশেই থাকে। কোনটো দিশে প্ৰাধান্য পাব সেইটো ব্যৱহাৰকাৰীজনৰ ব্যক্তিগত পচন্দ-অপচন্দৰ ওপৰত নিৰ্ভৰ কৰে। 

কিন্তু অসমকে ধৰি ভাৰতৰ তথা বিশ্বৰ বিভিন্ন ঠাইত বসৱাস কৰা অসমীয়াসকলৰ এটা গৰিষ্ঠ সংখ্যকে ইতিমধ্যে জানিছে যে ফেচবুককে মাধ্যম হিচাপে লৈ প্ৰযুক্তি-বিদ্যাৰ সহায়ত সমগ্ৰ বিশ্বতে বিয়পি থকা অসমৰ এটা সু-সংগঠিত প্ৰজন্মই ইতিমধ্যে অসমীয়া ভাষা আৰু সাহিত্যৰ হকে নিস্বাৰ্থভাৱে কাম কৰি আছে। আজিৰ পৃথিৱীত তথ্য-প্ৰযুক্তিবিদ্যাই একেটা কামতে নিমগ্ন দুজন মানুহৰ মাজৰ শাৰীৰিক দূৰত্বৰ ধাৰণাটোকে নাকচ কৰি দিছে আৰু ফলত এতিয়া তথ্য-প্ৰযুক্তিবিদ্যাৰ সহায়ত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা এজাক নিস্বাৰ্থ মানুহে একেলগে নিজৰ মাতৃভাষা আৰু সাহিত্যৰ হকে কাম কৰাতো উজুহে হৈ পৰিছে। 

ফেচবুককে সংযোগৰ মাধ্যম হিচাপে লৈ কেনে ধৰণৰ কাম কৰা হৈছে সেই বিষয়ে দুটামান কথা উল্লেখ কৰিব বিচাৰোঁ। পেৰিচ, দিল্লী, বাংগালোৰ, ট্ৰনধেইম, বাৰ্লিন, গুৱাহাটী, ইটানগৰ আদিত ইজনে সিজনৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত বহি থাকি কেইজনমান মানুহে প্ৰযুক্তি-বিদ্যাৰ সহায়ত একেসময়তে এখন কালজয়ী অসমীয়া নাটকৰ শ্ৰব্যৰূপ দিছে। সেই শ্ৰব্যৰূপ ইণ্টাৰনেটৰ সহায়ত নিমিষতে সমগ্ৰ বিশ্বত বিয়পি পৰিছে। এই মানুহ্কেইজনে ইজনে সিজনক আজিলৈকে লগেই পোৱা নাই বা তেওঁলোক প্ৰত্যেকেই প্ৰত্যেকৰ ফেচবুকৰ বন্ধু তালিকাতো নাই (থকাৰ প্ৰয়োজনো নাই আচলতে)। কিন্তু

 অসমীয়া ভাষা-সাহিত্যৰ বাবে কাম কৰি থকা কেইটামান ফেচবুক গোটৰ (যেনে – অসমীয়াত কথা-বতৰা, Assamese Wikipedia Community, ইত্যাদি) সদস্য হিচাপে থকা এইসকল মানুহৰ কামৰ উদ্দেশ্যৰ মিলে ইজনক সিজনৰ ওচৰ চপাই আনিছে। ইণ্টাৰনেট জগতত আজি অসমীয়া ভাষা এটা প্ৰতিস্থিত ভাষা হৈছে। অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিচৰ্চৰ সৃষ্টি হৈছে। 

বিশ্বৰ বিভিন্ন ঠাইত থকা, ফেচবুকৰ যোগেদি একেলগ হোৱা, কিছু সংখ্যক ইজনে সিজনৰ প্ৰায় অচিনাকী অসমীয়া যুৱক-যুৱতীৰ দলগত প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন পুথিভাগৰ লগতে আন কেইবাখনো পুথি আৰু ভূপেন হাজৰিকাৰ প্ৰায় ৭০০ গীতৰ কথা আজি ইন্টাৰনেটত উপলব্ধ। এই লিখকে ব্যক্তিগত প্ৰচেষ্টাৰে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত “নাম-ঘোষা” পুথিভাগ ইউনিক’ডত লিখি ৱিকিচৰ্চত আৰু ব্যক্তিগত ব্লগৰ যোগেদি ইন্টাৰনেটত উপলব্ধ কৰোৱাইছে।

 নগাঁৱৰ যুৱক শ্ৰী নিতুল বৰাই একক প্ৰচেষ্টাৰে পাৰিজাত হৰণ, স্যমন্তক হৰণ, কালীয় দমন, অজামিল উপাখ্যান, উদ্ধৱ সংবাদ, গুৰুদুজনা বিৰচিত বৰগীতসমূহ, শিশু লীলা, মিৰি জীয়ৰী আদিকে ধৰি আৰু কেইবাখনো পুথি ইউনিক’ডত লিখি ৱিকিচৰ্চত উপলব্ধ কৰাইছে। অসমীয়া ভাষাত অসংখ্য ব্লগ সৃষ্টি হৈছে আৰু অসমীয়া অনলাইন আলোচনীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে। ফেচবুকৰ “অসমীয়াত কথা-বতৰা” গোটে প্ৰকাশ কৰা মাহেকীয়া অনলাইন আলোচনীwww.xahitya.org ৰ নিয়মীয়া পাঠক বিশ্বৰ প্ৰায় ৫৫ খন দেশত বিয়পি আছে। এয়া হয়তো অবিশ্বাস্য, কিন্তু সত্য। 

ব্লগ আৰু অনলাইন আলোচনীৰ সংখ্যা বঢ়া মানেই মাতৃভাষা চৰ্চা কৰা এজাক নতুন লেখক-লেখিকা সমাজৰ মাজলৈ ওলাই অহা। ফেচবুকতে লগ হোৱা তেনে কিছুসংখ্যক লেখক-লেখিকাই নিজাববীয়াকৈ বা দলগতভাৱে উদ্যোগ লৈ কেইবাখনো কিতাপো প্ৰকাশ কৰিছে। মাহেকীয়া অনলাইন আলোচনী www.xahitya.org ত যোৱা এবছৰত প্ৰকাশিত লেখাসমূহৰ শ্ৰেষ্ঠ লেখাখিনিয়ে যোৱা ২২ ডিচেম্বৰ, ২০১২ তাৰিখে “অসমীয়া সাহিত্যৰ e-সঁফূৰা – ১ম খণ্ড” নামেৰে ছপা আকাৰত আত্মপ্ৰকাশ কৰিছে।

 ১৫ জন বিশ্বৰ বিভিন্ন ঠাইত থকা, ফেচবুকৰ যোগেদি একেলগ হোৱা, ইজনে সিজনৰ প্ৰায় অচিনাকী মানুহে দলগতভাৱে উদ্যোগ লৈ যোৱা ২৩ ডিচেম্বৰ, ২০১২ তাৰিখে “ৰাতিৰ ৰামধেনু” নামেৰে এখন কাব্য সংকলন প্ৰকাশ কৰিছে। ফেচবুককে মাধ্যম হিচাপে লৈ নতুন প্ৰজন্মৰ এজাক যুৱক-যুৱতীয়ে অসমীয়া ভাষা-সাহিত্যৰ বাবে আৰম্ভ কৰা কামসমূহৰ এয়া এক ক্ষুদ্ৰ আৰম্ভণি বুলিহে আমি বিশ্বাস কৰোঁ। এইবিলাক কামৰ আৰম্ভণিহে আছে, অন্ত নাই।

আজিৰপৰা বহুত বছৰৰ পিছত যেতিয়া কোনোবাই আধুনিক অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ইতিহাস অধ্যয়ণ কৰিব, তেওঁ নিজৰ গৱেষণা-পত্ৰখনত কি লিখিব? তেওঁৰ গৱেষণা-পত্ৰখনৰ এটা বিশাল অংশত নিশ্চিতভাৱে লিখা থাকিব ইণ্টাৰনেট জগতত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰযুক্তি-বিদ্যাৰ সহায়ত বিশ্বৰ বিভিন্ন ঠাইত থকা আজিৰ এটা প্ৰজন্মই আৰম্ভ কৰা কামখিনি। আৰু এই কামখিনিত ফেচবুকে এই মুহূৰ্তত এটা অনন্য ভুমিকা লৈ আছে। 

--**--
- প্ৰতিম প্ৰতাপ বৰুৱা
চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,
ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, 
দিল্লী-৫৪
(ম’বাইল : +৯১৯৮৭১০১৮৮৭৪)
ই-মেইল – ppbaruah.delhi@gmail.com

----------------------------------------

মই হ’ম লাচিত বৰফুকন
                                                                     # টুৱাৰাম দত্ত

শৈশৱৰ অসম আন্দোলনৰ সময়ত দেখিছিলো এজাক কৰ্মঠ, বাহুবলী, বুদ্ধিদীপ্ত তৰুণ-তৰুণী। “জয় আই অসম” ধ্বনিৰে ৰাজপথ কঁপাই তুলিছিল। সেই সময়ত মোৰ কুমলীয়া মনটোৱে আন্তৰিকতাৰে বিশ্বাস কৰিছিল যে এইদৰে ডেকা-গাভৰু সকলে যিমানে চিঞৰিব সিমানেই কিবা এটা পৰিৱৰ্তন হ’ব। উন্নতি হ’ব। হয়তো ধনে-ধানে সৰ্ৱত্ৰ উভৈনদী হ’ব। অন্ততঃ সেই সময়ৰ পৰিৱেশে আমাক তেনেদৰেই ভাবিবলৈ শিকাইছিল। সৰুতে আমাক যদি কোনোবাই সোধে তুমি আগলৈ কি হ’বা, মই তপৰাই উত্তৰ দিও “ লাচিত বৰফুকন”ৰ দৰে হ’ম। দেশৰ বাবে, স্বজাতিৰ বাবে নিজৰ মোমাইকো কাটিবলৈ কুন্ঠাবোধ নকৰো। আচলতে তেতিয়া এটা পদ্য পঢ়িবলৈ পোৱা মনত আছে। পদ্যটো পাহৰিছো। ঠিক “মই হ’ম কৰ্মবীৰ, কামতো নৱীন চিৰ উন্নত শিৰ......” তেনেকুৱা। পদ্যটোৰ প্ৰকৃত ভাৱাৰ্থ বুজি পোৱা নাছিলো চাগে’। মনতে ঠিক কৰি লৈছিলো মই হ’ম লাচিত বৰফুকন। ঘৰৰ পিছফালৰ বাঁহজোপাৰ আঁৰত মেচি দা এখন লৈ অকলে অকলে অনুশীলনো কৰিছিলো, সন্মুখৰ কাল্পনিক শত্রু ফুটুকানি জোপোহাবোৰক এফালৰ পৰা কাটি কাটি তহিলং কৰিছিলো।

এতিয়া বুজন হ’লো। সময় সলনি হ’ল। তেতিয়াৰ দিনতকৈ ঘৰে-বাহিৰে সকলোতে বহুত উন্নতি হ’ল। এতিয়া মোৰ সীমিত জ্ঞানেৰে “জয় আই অসম” ৰ অৰ্থটো অলপ বেলেগকৈ বুজো। 

আজি কোনোবা এজন অসমীয়াই কম্পিউটাৰত অসমীয়াত লিখিব পৰা চফটৱেৰ আৱিস্কাৰ কৰিলে। যাৰ সহায়ত আপুনি মই ইচ্ছা কৰিলে কম্পিউটাৰত অসমীয়াতে লিখিব পৰা হ’লো। সেই আৱিস্কাৰক জনে ৰাষ্টালৈ ওলাই আহি “জয় আই অসম” নকলেও সকলোৱে জানে বা জনাটো উচিত তেখেতে অসমী আইৰ মান কিমান উজলালে।

 ডাঃ বিকুল দাসে দেশৰ বাহিৰত গৱেষণা কৰি অসমৰ নাম উজলাইছে। উদ্ধৱ ভৰালীয়ে ঘৰতে থাকি নিত্য-নতুন গৱেষণাৰে ন ন সঁজুলি উদ্ভাৱন বা আৱিস্কাৰ কৰি আছে। আৰু বহুত আছে। কোনো বাই গল্প-কৱিতা লিখিছে। কোনোবাই মূম্বাইত গৈ গান গাইছে। অভিনয় কৰিছে। কোনোবাই ঘৰৰ বাৰীডৰাত বিজ্ঞান-সন্মতভাৱে কৃষি-কাৰ্য্য কৰিছে, পশুপালন কৰিছে। তেওঁবিলাকৰ সকলোৱে অসমী আইৰ পূজাৰ বেদীত নিজৰ অৰিহণা যোগাইছে। আচলতে সকলোৱে নিজ নিজ ক্ষেত্র এখন বাছি লৈ ঐকান্তিক চেষ্টাৰে কাম কৰি গলেই অসমী আইৰ মুখ উজলি উঠিব। “জয় আই অসম” বুলি ৰাষ্টালৈ ওলাই আহি ডিঙি ফুলাই চিঞৰ বাখৰ নকৰিলেও হ’ব।

এবাৰ প্রান্তিকৰ আনুমানিক ৯৫-৯৬ ৰ কোনোবা এটা সংখ্যাৰ (এতিয়া সঠিক কৈ পাহৰিছো) শেষ পৃষ্ঠাত প্রয়াত ডঃ ভবেন্দ্রনাথ শইকীয়াৰ এটা লেখাৰ কেইটামান বাক্য এতিয়াও মনৰ মনিকোঠাত সযতনে সোমাই আছে। “আমাৰ ডেকাহঁতে বন্দুক চলাব জানিলেই নহব। বন্দুক এটা তৈয়াৰ কৰিবৰ বাবে প্রয়োজনীয় লোৰ আকৰ ক’ত পোৱা যাব সেই লোৰ আকৰ কি দৰে নিষ্কাশন কৰা হব সেইবোৰো জানিব লাগিব”।

সন্ধিয়া টি ভিৰ চেনেল কেইটা পকাই থাকোতে এটা অসমীয়া চেনেলৰ কাৰ্যসূচী দেখি ৰৈ গ’লো। কেইজনমান বিশ্ব অভিলেখকাৰী অসমীয়াৰ সাক্ষাৎকাৰ। কোনোবা এজনে চলন্ত বাইকৰ ওপৰত যোগাসন কৰিছিলে, কোনোবা এজনে পিছলৈ মূৰ কৰি ঘন্টাত ইমান কি. মি. দৌৰিছে বা খোজ কাঢ়িবলৈ সমৰ্থ হৈছে। মনটো ভাল লাগি যায়। বিশ্ব দৰবাৰত গৌৰৱ কৰিবলগীয়া অসমীয়া মানুহ আজি কিছুদিনৰ ভিতৰতে বহুতজন ওলাল। এই হাৰত আগলৈও যদি ওলাই থাকে বিশ্ব-অভিলেখকাৰী অসমীয়াৰে বিৰ্ দি বাট নোপোৱা হ’ব। এটা কথাত সন্দেহ নাই যিসকলে এই অভিলেখবোৰ কৰিছে তেখেতসকলে প্রচুৰ পৰিশ্ৰম কৰিছে, সাধনা কৰিছে।

পিছে শৈশৱতে দেখা কৰ্মঠ, বুদ্ধিদীপ্ত ডেকা-গাভৰুহঁতেও “জয় আই অসম” ধ্বনি দিওতেও কমখন কষ্ট কৰা নাছিলনে? প্রখৰ ৰ’দ, ধাৰাষাৰ বৰষুণ, ধুমুহাকো আওকাণ কৰি হাজাৰ হাজাৰ কন্ঠত নিনাদিত হৈছিল “জয় আই অসম”। পুলিচ-মিলিটাৰীৰ অত্যাচাৰ, সন্ত্রাসকো আওকাণ কৰি যি এক নির্ভীকতা আৰু সাহসেৰে তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল আজিৰ প্রজন্মই নিজ-চকুৰে নেদেখিলে কেতিয়াও বিশ্বাস নকৰিব।

যোৱা আঘোণৰ বতৰত গাঁৱলৈ গৈছিলো। পূৰ্ববংগীয় মূলৰ (তেওঁলোকক বিদেশী বা বাংলাদেশী বুলি কব বিচৰা নাই) ভালেমানে ধান দাইছে, মাৰিছে, ঘৰলৈ কঢ়িয়াইছে। পুৱাই চাইকেলত কণীৰ ভাৰ লৈ ঘৰে ঘৰে বেচিছে। নগৰলৈ অহা-যোৱা কৰা ৰিক্সাবোৰ চলাইছে। এসময়ত “জয় আই অসম” বুলি চিঞৰা ৰমেশ দাৰ অট্টালিকাটোও তেঁওলোকৰ মানুহেই বনাই আছে। সেইসময়ৰ দাদাবোৰৰ বহুতেই এতিয়া দালালী কৰে। কবলৈ বেয়া লাগিলেও পঞ্চায়ত নিৰ্বাচন, জব্ কাৰ্ড, গাঁৱৰ ৰাষ্টাটোৰ মেৰামতিৰ বাবে অহা ধনৰ চান কঢ়া, সকলোতে তেঁওলোকৰ অবাধ অধিকাৰ। সৰহভাগেই এতিয়া প্রগতিশীল কংগ্ৰেছী। মানে দিনত কংগ্ৰেছী কৰে, সন্ধিয়া সিবিধত ধৰে।

মনৰ মাজতে কেতিয়াবা কেতিয়াবা সপোন দেখো। অমুকে ব্রহ্মপুত্রৰ প্রলয়ঙ্কাৰী বানপানী প্রতিৰোধক এটা পদ্ধতি আৱিস্কাৰ কৰি্লে। নগৰৰ নাতিদূৰৈত গঢ়ি উঠা চিমেন্ট কাৰখানাটোৰ সমগ্র কাৰিকৰী খুটিনাতি চোৱাচিতা কৰে গাঁৱৰে টোকোনা নন্দ খুৰাৰ পুতেক বাবুলে। গুৱাহাটীৰ জাবৰৰ গেলা দ’ম বোৰ তীব্রগতিত জীণ যাব পৰা পদ্ধতি এটা আৱিস্কাৰ কৰিলে দেৱব্ৰত বৰাই। হঠাতে গুৱাহাটীৰ কৃত্রিম বানপানীৰ সমস্যাৰো বিজ্ঞান সন্মত সমাধান পদ্ধতি এটা বাহিৰ হ’ল। ব্রহ্মপুত্রৰ জলপথেৰে মাল বস্তু , যাত্রী অহা-যোৱা কৰাটো সুগম হোৱা বাবে সকলো বস্তুৰে পৰিবহন ব্যয় বছৰত হাজাৰ কোটিলৈ কমি গ’ল। বহাগ বিহুৰ বতৰত মৰিলেও চান্দা তোলা ডেকা বিচাৰি নোপোৱা হ’ল। এইবিলাক সপোন যদি কেনেবাকৈ বাস্তৱত পৰিণত হয় আমাক বিশ্ব-অভিলেখ নালাগে।
ই-মেইলঃ tuwaramdutta@gmail.co

(২)

চহৰীয়া জীৱন , "চিৰ-চেনেহী মোৰ ভাষা জননী " আৰু অলপ ভাষিক সচেতনতা


-ৰক্তিম গোস্বামী 




যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। বাংগালুৰুকে ধৰি ডাঙৰ চহৰত কাম কৰা প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয়। মুলতঃ ইংৰাজী। বৃত্তিৰ তাগিদাত গতিকে গত্যান্তৰ নাই।দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ 'মাতৃভাষিক ভেকুৱাম' কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত।



আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত (মধ্যবিত্তীয়ও) গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি দৈনন্দিন জীৱনতো ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰাতো। জাতি আৰু ভাষাৰ উপৰিও নিজৰ আৰু নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব এই অদ্ভুত প্রচেষ্টাই? কথাখিনি এই কাৰণে লিখিলো যে কিছুদিন পিছতে অসমৰ বাহিৰৰ প্রায় প্রতিখন চহৰতে ৰঙালী বিহু উদযাপন কৰা হ'ব। আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ এই অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা আন সৰু বৰ যান্ত্রিক চহৰবোৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব। ইংৰাজী এটা গ্লবেল ভাষা আৰু জীৱনত আগুৱাবলৈ এই ভাষা আয়ত্ব কৰাটো অতিকৈ প্রয়োজনীয় কিন্তু তাৰ বাবে মাতৃভাষাক আহুঁতি দিয়াতো কালিদাসে ডালত বহি গছ কটাৰ লেখীয়া এক মূৰ্খামী। ই এক ঘাটক মানসিকতা।


ভাষাই আধুনিকতা নানে । আধুনিকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতি


জন অসমীয়া পিতৃ-মাতৃয়ে নিজ শিশুক "বা বা ব্লেক শ্বীপ" "জনি জনি" ৰ উপৰিওঁ অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”।

-----------------------------------------------------------------------------------------------



ধৰ্ম আৰু ধৰ্মাচাৰঃ আজিৰ যুগৰ এক প্ৰসহন আৰু ব্যৱসায়

লেখকৰ ফটো
-অৰুণজ্যোতি দাস 

অতি প্ৰাচীন কালৰে পৰা পৃথি‌ৱীত এচাম ধূৰ্ত আৰু চতুৰ মানুহৰ জন্ম হৈ আহিছে ,যিয়ে কে‌ৱল ঠগ-প্ৰৱঞ্চনা আৰু কৌশলেৰে নিজৰ লাভালাভৰ হিচাপ কৰিবলৈ শিকিছে ।পৃথি‌ৱীৰ প্ৰতিখন সমাজতে এনে ধু
ৰন্ধৰ মানুহ বৰ্তমান । এওঁলোকৰ মগজুৰ তিক্ষ্ণতা আন বহুজনতকৈ বেছি বুলিব লাগিব, কাৰণ চলে-বলে-কৌশলে আন এজনক লুটি ল’ব পৰাৰ হাজাৰটা উপায় এওঁলোকৰ হাতৰ মুঠিত 

এনে প্ৰৱঞ্চকসকলৰ পাৰ্গতালিৰ প্ৰয়োগক্ষেত্ৰ ঠাইবিশেষে বেলেগ বেলেগ হয় ।যদি জাপানত কোনো এজনে অন্য এজনৰ ৰবট এটাক কু-কৰ্ম শিকাইছে তেন্তে আমেৰিকাত আন এজনে হয়তো আন্তৰ্জালৰ তথ্য ‘হেক্’ কৰি টকা লুটি
 লৈছে ।  শতাধিক কোটি জনসংখ্যাৰে ভাৰতবৰ্ষ এখন এনে অনুন্নত অশিক্ষিত দেশ,য’ত এই প্ৰবঞ্চকৰ সংখ্যাটোও তুলনামূলক ভা‌ৱে বহুতেই বেছি।

আজিৰ সমাজত নিবনু‌ৱাৰ সংখ্যা বাঢ়ি গৈছে । 
শিক্ষিতআৰু বুদ্ধিহীনসকলৰ বাবে দৈনিক জী‌ৱন-ধাৰণ একোটা বোজাস্বৰূপ হৈছে ।শিক্ষিত সকলৰো নিজৰ ওপৰত আস্থা নাইকীয়া হৈছে । কাৰণ এইটো গুপ্ত সত্য যে টকা অবিহনে এটা চৰকাৰী চাকৰি পো‌ৱাটো আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰায় অসম্ভ‌ৱ হৈ পৰিছে । এলেহু‌ৱা অসমীয়াৰ চিন্তাধাৰাৰ মতে হেনো চৰকাৰী চাকৰী নহ’লে জীয়াই থকাই বৃথা । আৰু আমাৰ তথাকথিত শিক্ষিত সকলে কেন্দ্ৰীয় চৰকাৰৰ ঘোঁচবিহীন চাকৰিৰ বিষয়ে সঁচা অৰ্থত গমেই নাপায় । গতিকে তাৰবাবে আবেদন কৰা আৰু প্ৰস্তুত হো‌ৱাৰ প্ৰশ্নই উত্থাপিত নহয় । সেয়েহে হ’বলা আমাৰ ন‌-প্ৰজন্ম অথবা বৰ্তমান প্ৰজন্মৰ ‘সহজতে আৰ্জিবপৰা ধন’ৰ প্ৰতি মোহ বেছি । ই নিতান্তই স্বাভা‌ৱিক কথা যেন হৈ পৰিছে । তাৰে ফলস্বৰূপে আমাৰ সৰহসংখ্যকেই  সংগঠন খুলি,ঠিকা লৈ,দাবী-ধমকিৰে সৰকাই,প্ৰলোভন দি ইত্যাদি নানানটা ৰাষ্টা সহজেই পছন্দ কৰিবলৈ লৈছে আৰু বিনা দ্বিধাৰে তেনে পথত বহু যু‌ৱক-যু‌ৱতীয়ে ইতিমধ্যেই বাট লৈছে ।কাৰণ এনে পন্থাৰে প্ৰকৃতাৰ্থত অতি কম সময়তে চাকৰিতকৈ বহু বেছি ধন অৰ্জন কৰিব পাৰি ।অসমৰ নৈতিক জলবায়ুৰ এনে প্ৰদুষণ ঘটিছে যে, বিয়াৰ বজাৰত এনেকে সেইজন চাকৰিয়ালকহে উচ্চ স্থান দিয়া হয়, যাৰ ‘বাহিৰা টকা’ উপাৰ্জন কৰাৰ সুৰুঙা আছে ।এয়া হৈছে আমাৰ মূল্যাঙ্কনৰ মাপকাঠি ।

গতিকে সৰু-সুৰা মানুহবোৰ ,যাৰ শিক্ষা-দিক্ষা কম অথবা একেবাৰে নাই আৰু যিসকলক তথাকথিত উচ্চ সমাজৰ মাজত নিজকে মূৰ দাঙি থিয় হ’বলৈ সুযোগেই দিয়া নহয়,তেঁওলোকে চুৰি-ডকাইটি কৰিবলৈ বাধ্য হৈছে । আজিৰ সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ জ্ঞান,কৰ্মতকৈ টকাৰহে প্ৰয়োজন বেছি । গতিকে নিজকে প্ৰতিষ্ঠা কৰা আৰু বৰ্তি থকাৰ এই যুঁজত এইসকলে নিজৰ মগজুৰ অ‌ব্যৱহৃত স্থিতিশক্তিৰ উচিত প্ৰয়োগ কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰ আৰু ৰাষ্টা বিচাৰি উলিয়াইছে । 
তেনে টকা ঘটাৰ ভিন্ন পথ অন্বেষণৰ ফলতে কিছুমান বুধিয়ক মানুহে বিচাৰি পাইছে এটা সহজতম উপায় । সি হৈছে-‘ধৰ্মৰ নামত ব্যৱসায়’,য’ত আপোনাক মূলধনৰো প্ৰয়োজন নহয়, আৰু নালাগে কোনো অৰ্হতাৰো !মাথো লাগে এটা চতুৰ মগজু আৰু উচিত কাৰ্যপন্থা ।

আপুনি সদায় চাৰিআলিৰ তামোলখো‌ৱা দোকানখনৰ কাষত অথবা ওখ বটজো‌পাৰ তলতে সৰুকৈ এখন শি‌ৱৰ আলোকচিত্ৰৰে আপোনাৰ ব্যৱসায়ৰ আধাৰশিলা স্থাপন কৰক । এলেকাটো পু‌ৱা গধূলি ধুপ-ধুনা-চাকিৰে শুশোভিত কৰি কিছু প্ৰাৰ্থনা
  বা আৰতি জাতীয় কাৰ্যা‌ৱলীৰে মাংগলিক পৰি‌ৱেশ এটা গঢ়ি তুলিবলৈ যপৰোনাস্তি কৰক । আপোনাক নিৰাশ নকৰি ভক্তগণে লাহে লাহে আপোনাৰ মন্দিৰত দৰ্শন দিবলৈ ল’ব ।দুটিমান টিলিঙা আৰু ৰঙা পতাকা আঁৰি দিয়ক । হয়তো কোনো এজন ভক্তৰ আশীৰ্বাদত আপোনাৰ সপোনৰ মন্দিৰটোত এদিন টিনৰ চালি আৰু বেৰাও হৈ উঠিব ।এখন দুখনকৈ ৰাষ্টাৰে পাৰহৈ যো‌ৱা বিলাসী গাড়ীৰ আৰোহীসকলৰ আগমণে (আৰু তেৰাসকলৰ বৰঙণিয়ে) আপোনাৰ বুকুখন লাহে লাহে ওখ কৰি তুলিব ।ভগ‌ৱানৰ সে‌ৱাত নিজকে উচৰ্গিত কৰিবলৈ পাই আপুনি নিজকে ধন্য মানিব । আৰু ভগ‌ৱানেও আপোনাৰ সে‌ৱাত পৰম সন্তোষ লভি আপোনাক লাহে লাহে ধনী-মানী কৰি তুলিব !

     সিদিনা পৰীক্ষা এটা দিবৰ বাবে ঘৰৰপৰা ওলাই যাবলৈ লৈছো । পদূলিমুখতে দুজন সাধুৰ ‌আৱিৰ্ভা‌ৱ হ’ল । পিতবস্ত্ৰ পৰিহিত আৰু চুলি-দাৰিৰ ভাঁজে ভাঁজেসন্যাসিত্বৰ চিন মূৰ্তমান । মই ক’লো, ঘৰ মে অভি আদমী নহি হেঁ । আপলৌগ কৃপয়া বাদ মে আয়িয়ে ।” তেওঁলোকে ক’লে –‘চাধু কৌ এইছে বিনা হাথছে যানে মদ দিজিয়ে । ঈশ্বৰ আপকৌ ভলাঈ কৰেগা  এনে এটা বাক্যবাণে যিকোনো ধৰ্মপ্ৰাণ মানুহৰে অন্তৰ গলাব পাৰিব । তাৰমানে তেওঁলোকে কিবা এটা দক্ষিণা বা দান বিচাৰিছে । (ঈশ্বৰে মোক সহায় কৰিব, আৰু বিনিময়তমই তেওঁলোকক সহায় কৰিব লাগে !)

তেওঁলোকে হয়তো যদি নিজৰ দুখ দুৰ্দশা বৰ্ণাই আপোনাক কিছু সহায়ৰ বাবে ‌আৱেদন কৰিলেহেঁতেন তেন্তে নিশ্চয় আপুনি ফুটাকড়ি এটাও নিদিলেহেঁতেন !কিন্তু যিহেতু ইয়াত আপোনাৰ ঈশ্বৰ ভক্তিৰ কথা আহি পৰিছে,
 গতিকে আপুনি চকু মুদি পাচঁ টকা হ’লেও দিবই । এইটো‌ৱেই এই ব্য‌ৱসায়ৰ আধাৰ সূত্ৰ ।ধনী মানুহ এজনক আন মানুহৰ দুৰ্দশাৰ বিলাপ আপুনি কাহিনী হিচাপেই কওঁক অথবা চকুৰে দেখুও‌ৱাই পতিয়ন নিয়াবলৈ চাওক ;অথবা জী‌ৱনত হঠাতে আপুনি সম্মুখীন হো‌ৱা প্ৰাকৃতিক/অপ্ৰাকৃতিক দুৰ্যোগৰ কথাকে কওঁক , তেওঁ কাহানিও আপোনাক কিছু টকাৰে সহায় কৰিবলৈ আগবাঢ়ি নাহে ,কিন্তু আপুনি ধৰ্মীয় অনুষ্ঠানৰ বাবে আহিছোঁ বুলি এবাৰ কৈ চাওঁক –তেওঁ তমূহুৰ্ততে হাজাৰ টকা দান হিচাপে দিবলৈ ৰাজী ।

‘ধৰ্মৰ বাবে’ বুলি কিবা এটা যেতিয়া এজন মানুহৰ মনত সোমাই যায়,তেতিয়া তেওঁ লাখটকাৰ দান দিবলৈও কুন্ঠাবোধ নকৰে ,কাৰণ সেই দানে তেওঁক স্বৰ্গগামী কৰিব বুলি তেওঁ দৃঢ়ভা‌ৱে বিশ্বাস কৰে ।
 অথচ একেজন মানুহেই খাবলৈ নোপো‌ৱা ৰাষ্টাৰ ভিক্ষাৰীজনক ১টকা এটাৰে সহায় কৰিবলৈ,তেওঁৰ প্ৰতিবেশী দুখীয়া ছাত্ৰজনক কিতাপ এখন কিনি দিবলৈ ইচ্ছাবোধ নকৰে ,কাৰণ তেওঁৰ মতে ঈশ্বৰ মন্দিৰ/মছজিদ/গীৰ্জাত হে থাকে ।আৰু আমাৰ সকলো‌ৰে মনত ধৰ্মৰ প্ৰতি থকা এই আস্থাৰ সুযোগ লৈছে ধুৰন্ধৰ বেজ/পণ্ডিত আৰু আন বহুতে ।

আজিকালি দেখা যায়,
 ৰেল‌-স্থানৰ সমীপতে হওঁক অথবা বজাৰৰ ভিৰতে হওঁক,হঠাতে আপোনাৰ ইচ্ছা-অনিচ্ছালৈ কেৰেপ নকৰি মূহুৰ্তৰ বাবে ভক্তিভা‌ৱেৰে মন-প্ৰাণ উচপচপ্ কৰাই তুলিব পাৰে প্ৰসাদ আৰু ৰঙা ফোঁটৰ অলংকৰণকাৰী দুই একোজন ভক্ত পূজাৰীয়ে ।আপোনাৰ মংগলাৰ্থে সে‌ৱা আগবঢ়ো‌ৱা এনে চলমান ক্ষুদ্ৰ মন্দিৰত তাক্ষণিক ঈশ্বৰ-সে‌ৱাৰ বাবে আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনৰ অতিৰিক্ত কোনো সময়ৰ প্ৰয়োজন নহয় , সকলো সম্মুখতে হাজিৰ ; আপুনি মাথোঁ অৰিহণা হিচাপে কিছু টকা দান কৰিলেই হ’ল !

কোনোবা
 এখন বাতৰি-কাকতত পঢ়িবলৈ পালো যে দুদিনমান আগতে  এজন মানুহে ত্ৰিশূল আৰু দম্বৰু লৈ হঠা আহি গাড়ীৰআগতে হওঁক বা মানুহৰ ঘৰৰ আগতে হওঁক ৰৈ দিয়ে আৰুনাচিবলৈ লয় । তেওঁৰ ভাষ্য  এয়ে যে তেওঁৰ গাতসদাশিৱই দেখা দিছে আৰু মানুহৰ মংগলৰ অৰ্থে পঠাইছে ।কোনো কোনোজনক তেওঁ বিধানো দিলে মংগলৰ্থে কি কিনীতি-নিয়ম পালিব লাগিব । আমাৰ বিশ্বাস , কিছুমান চতুৰমানুহৰ ধৰ্মৰ গইনা লৈ টকা ঘটাৰ বিভিন্ন পথ অন্বেষণৰ বাবেকৰা ৱেষণাৰে এয়া এক পৰীক্ষা-নিৰীক্ষা !

বিহু,পূজা,জন্মোৎস‌ৱ আদিৰ আগে আগে গাঁৱে-চহৰে সকলোতে চান্দা তোলাৰ ধূম উঠে । পুলিছে ‌ট্ৰাক-মটৰৰপৰা কৰ সংগ্ৰহ কৰা আৰু পূজা সমিতিয়ে এনে চান্দা তোলাৰ মাজত আজিকালি একো প্ৰাৰ্থক্য নাই যেনেই লাগে ।আপুনি যদি পাঁচটকা এটা অৰিহণা হিচাপে আগবঢ়ায়, তেনেহ’লে তেওঁলোকৰ তীৰ্যক বাক্যবাণ তথা হুমকিৰে আপোনাৰ অ‌ৱস্থা তথৈবচ হৈ পৰিব । ধৰ্মীয় অনুষ্ঠানৰ বাবে আগবঢ়ো‌ৱা দান-বৰঙণিত দেখোন কোনো  নিন্ম-সীমা থাকিব নালাগিছিল ,যাৰ যি ইচ্ছা বা যিমান পাৰে ;সিমানেই দিব পাৰিব লাগিছিল !

আৰু এই যে পূজাৰ মণ্ডপ গলিয়ে প্ৰতি একোটাকৈ হয় ,তাৰ কিবা ধৰা-বন্ধা নিয়ম আছে নেকি ? যে আমাৰ চুবুৰীত নাপাতিলে আমাক পাপে চুব ! কিয় আমি এখন চহৰৰ বা গাঁৱৰ আটাইখিনি মানুহে গোট খাই সম্প্ৰীতিৰে মাত্ৰ এঠাইতে পূজা পাতিব নো‌ৱাৰো ? কিয় ? কাৰণ সকলোৰে সেই একেই ইচ্ছা, নিজৰ পকেট গৰম কৰা ! চান্দা-অৰিহণাৰ টকা আৰু খৰছৰ হিচাপবোৰ কিমান ৰাজহু‌ৱা হয় সেয়া সকলো‌ৱে জানে ।

ধৰ্মীয়া অনুষ্ঠান,উৎস‌ৱে হেনো একতাৰ দোলেৰে সমাজখন বান্ধে । আজিৰ সমাজত এনে ভাগে ভাগে  হো‌ৱা এই উৎস‌ৱবোৰে আমাক চোন বিচ্ছিন্ন হে কৰিছে ।

আজিকালিৰ মন্দিৰবোৰত
 আধুনিকতাৰ ইমানেই পৰশ পৰিছে যে এটা মন্দিৰ বনাবলৈ কোটি টকালৈকে খৰছ কৰা হয় ,যি সময়ত হাজাৰ হাজাৰ গৃহহীন নৰ-নাৰীয়ে তাৰ কাষতে মুকলি আকাশৰ তলত বাস কৰে ।মাৰ্বল-পাথৰ, ‘টাইলছ’ৰে নিৰ্মিত গৃহটিৰ চৌপাশে আকৌ সন্ধ্যা বেলা চকু চাঁট মাৰি ধৰা উজ্জ্বল ৰঙীন পোহৰৰ খেলা ! ঈশ্বৰ আৰাধনাৰ বাবেতো ইমান ৰাজকীয় পৰি‌ৱেশৰ প্ৰয়োজন নাছিল ! কিয় লাগে এইবোৰ ? এইবোৰ আচলতে একো একোটা বিজ্ঞাপন । সেই ধৰ্মানুষ্ঠানটোৰ অ‌ৱস্থিতি আৰু উপস্থিতিৰ বিষয়ে যাতে অধিক মানুহ জ্ঞাত হয় । অধিক মানুহ আকৰ্ষিত হওঁক –অধিক দান বৰঙণি উঠক । আৰু দানকৰ্তাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰা হওঁক-যাতে মন্দিৰ সমিতি(তথা বিষয়ববীয়াসকল) তাৰপৰা উপকৃত হ’ব পাৰে । আমি শংকা কৰো কিছুদিন পিছত চাগৈ দুখীয়া মানুহৰ প্ৰ‌ৱেশ এইবোৰত  নিষিদ্ধ কৰা হ’ব ।

এটকীয়া পইচা দলি মাৰি দিয়া হনুমান মন্দিৰৰ দৈনিক
শ শ টকাবোৰ ক’লৈ যায় ? ভগ‌ৱানে কাহানিও দৈনিক হিচাপত ইমান টকাৰ বৰঙণি গ্ৰহণ নকৰে । শুদ্ধ মনোকামনাৰে দিয়া যসামান্য অৰিহণাতে হেনো তেৰা সন্তোষিত হয় । যেনেদৰে দে‌ৱীলৈ আগবঢ়াই দিয়া বলিৰ পাথা ছাগলী বা হাঁহ-কুকুৰাবোৰ প্ৰসাদস্বৰূপে ভক্তস‌ৱেই গ্ৰহণ কৰে । সেইদৰেই এই হাজাৰ হাজাৰ দানৰ মুদ্ৰাবোৰো নিশ্চয় কাৰোবাৰ পকেতস্থ হয় ।

নতুনকৈ গঢ় লো‌ৱা সৰু সৰু মন্দিৰ/মঠবোৰ ৰাষ্টাৰ কাষতে যে হ’বলৈ পায় ,কি কাৰণে ?অলপ ভিতৰতো হ’ব পাৰিছিল । কাৰণ , তেওঁলোকৰ ‘টাৰ্গেত’ হ’ল এইসকল ‘ফ্লাইং কাষ্টমাৰ’ । অৰ্থা এখন গাওঁ,চহৰ বা এটা এলেকাৰ সীমিত জনসংখ্যাৰে উপাৰ্জন বা লাভালাভৰ অংকটো সদায় সৰু হৈয়েই থাকিব, গতিকে কিছুমান যদি ‘উৰণীয়া গ্ৰাহকে’ দৈনিক ভূমুকি মাৰেহি তেওঁলোকৰ চোতালত,তেন্তে সেই লাভালাভৰ অংকটো‌ৱেও মোটা পৰিমাণলৈ ৰূপান্তৰিত হ’ব । এইবোৰ হৈছে ব্যৱসায়ৰ সৰলতম সূত্ৰ ।

শনি মন্দিৰবোৰ দেখা যায় বজাৰৰ চুকত 
বা গলিৰ কাষত । মহানগৰত এহাত মানৰ আঁতৰে আঁতৰে শনি মন্দিৰ ।তোমাৰ শণি বেয়া ।শণি লাগিছে ।গতিকে শনি মন্দিৰত গৈ ইমান টকা আৰু এনে বিধানেৰে তেওঁক সন্তোষিত কৰিব লাগিব । ’-এইবোৰ কথাত আমাৰ মানুহ ভোল যায় আৰু নিজৰ ভাগ্যক দোষ দি নেদেখাজনক সন্তুষ্ট কৰিবলৈ উঠিপৰি লাগি যায় ।আচলতে কোনো মানুহৰে শনি নালাগে (বা শনি বেয়া নহয়) । তেওঁলোকক আপাতত বিশ্বাস কৰো‌ৱা হয় এইবোৰৰ সপক্ষে , যাৰ আঁৰত কিছু সুবিধাবাদী চতুৰ মানুহৰ অভিসন্ধি লুকাই থাকে ! নিজৰ হাত দুখনক বিশ্বাস কৰা আৰু বিবেকক প্ৰাধান্য দিয়া যিকোনো মানুহে তথাকথিত শনিৰ উপদ্ৰ‌ৱৰ পৰা নিজকে সকলো সময়তে বচাই ৰাখিব পাৰে !

আপুনি নিশ্চয়
 ‘মোবাইল ফোন’ত এচ.এম.এচ. পায় –“আপুনি ব্যৱসায়ত কিয় সফল হো‌ৱা নাই /আপোনাৰ পঢ়া-শুনা তথা কেৰিয়াৰত ক’ত বাধা আছে/চাকৰি কিয় পো‌ৱা নাই” –এইবোৰৰ উত্তৰ পাবলৈ অমুক নম্বৰত ডায়েল কৰক । যেন তেওলোক সাজু হৈ আছে আপনাৰ সহশ্ৰ সমস্যাৰ সমাধান এক মিনিটতে দি আপোনাক সুখী কৰি তলিবলৈ । ধন-মান-ঐশ্বৰ্যৰে আপোনাক সমৃদ্ধিবান কৰিবলৈ ।দূৰদৰ্শনৰ পৰ্দাতহাজাৰটা বিজ্ঞাপন –আমাৰ অমুক অমুক ৰক্ষাকবচ লওক আৰু নানান অশুভ শক্তিৰ পৰা নিজকে দূৰত ৰাখক ।এই মালা পৰিধান কৰক –কোনোধৰণৰ কূপদৃষ্টিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক চুব নো‌ৱাৰে ।’ ইত্যাদি । আটাইতকৈ আমোদজনক কথা এয়ে যে এনে বিজ্ঞাপনত কেতিয়াবা সন্যাসী একোজনেও ভাগ লয় ;যাৰ কথা কো‌ৱাৰ ধৰণতে কোনো কোনোধৰ্মভীৰুয়ে সেই মালা বা ৰক্ষাকবচ কিনিবলৈ মন মেলে । ধৰ্মৰ বাণিজ্যিকিকৰণৰ এনে প্ৰভা‌ৱ যে এনে ধৰ্মীয়সা-সৰন্জামৰ লগতো আকৌ ‘বিনামূলীয়া সামগ্ৰী বাউপধৌকন উপলব্ধ হয় ।

শংকৰী সমাজ বা অন্য ব্ৰাহ্মণ সমাজত
 কিছুমান বিধি-বিধান মানি চলা দেখা যায় ।তেনে দুই এটা হ’ল--গাহৰি বা কুকুৰা চৰাই ঘৰত পোহা নিষিদ্ধ ,সম্বন্ধীয় মানুহৰ লগত আৰু অন্য জাত-কুল-ধৰ্মৰ মানুহৰ লগত বিয়া হো‌ৱাটো নিষিদ্ধ । ঠিক তেনেদৰে সমাজে এৰি থো‌ৱা অথবা অন্য ধৰ্মা‌ৱলম্বী বা অন্য পন্থাৰ মানুহৰ লগত খা‌ৱন-শো‌ৱনো নিষিদ্ধ বা ছো‌ৱালী পলু‌ৱাই নিয়াও পাপ । এনে বিধানবোৰৰ যুক্তিগত বা বিজ্ঞানসন্মত দিশ সদ্যহতে আলোচনা নকৰি একে সময়তে আমি যদি লক্ষ্য কৰোঁ,এনে নীতি-নিয়ম ভংগ কৰাসকলক, পুণৰ একে সমাজতে সসন্মানে থকাৰ অধিকাৰ দিয়া হৈছেপ্ৰায়শ্চিত্তৰ জৰিয়তে ।প্ৰায়শ্চিত্তৰ বাবে দোষীয়ে কৰিবলগীয়া কাজ হ’ল মাথো নিৰ্ধাৰিত পৰিমাণৰ শুল্ক(Penalty Fine)ৰে সৈতে ৰাইজৰ ওচৰত আঁঠু লো‌ৱা আৰু নাম-কীৰ্তনসহ ভকতসকলক ভোজন কৰো‌ৱা(সমাজভেদে কিছু বেলেগ হ’ব পাৰে) । সঁচা ধৰ্মানুভ‌ৱেৰে এই প্ৰায়শ্চিত্ত যথাৰ্থ ।কিন্তু আজিৰ সমাজৰ ৰেহ-ৰূপলৈ লক্ষ্য কৰিলে এনে লাগে এই প্ৰায়শ্চিত্ত যেন এটা তেনেই টুলুঙা ভেলেকীবাজী !কাৰণ প্ৰায়শ্চিত্ত আছে বুলি জানিয়েই বহুতো সাহসী ডেকাই উপৰোক্ত বিধি-বিধানবোৰ হেলাৰঙে উলংঘণ কৰি আহিছে । তেওঁলোকৰ মতে ‘বুঢ়াভকত কেইটাক ফিটিং কৰিলেই হ’ল!’। এয়া একপ্ৰকাৰৰ অধৰ্ম নহয়নে ?

বহু সমাজত দেখা যায়, নামঘৰৰ মুখীয়াল বুঢ়া ভকত কেইজন,যিয়ে সমাজখন সুধৰ্ম সুসংস্কৃতিৰে আগু‌ৱাই নিয়াত আগভাগ ল’ব লাগিছিল ,তেওঁলোকেই নানান বেমেজালিত লিপ্ত হৈছে ।
 গাভৰু ছো‌ৱালীয়ে ৰন্ধা ভাত তেৰা সকলে নাখায়, বিবাহিত আৰু দিক্ষা লো‌ৱা ভক্ত বৈষ্ণ‌ৱে ৰান্ধিলেহে খাব । কিন্তু দেখা পাব, তেনে দুজনমানেচোন  চহৰৰ হোটেলত আপোনমনে উদৰ পূৰাই খো‌ৱা বোৱা কৰে, য’ত ৰান্ধনীৰ জাত-পাত আৰু চাফ-চিকুণতাৰ অলপো প্ৰশ্ন কৰা নহয় ! ভাঁওনাৰ ৰাতি কোনোবাজনে হয়তো সেই পনীয়াবিধেৰেই আত্মশুদ্ধি কৰিছে ।

অ‌ৱশ্যে এই ধৰ্মস্খলন অকল হিন্দু সমাজতে নহয়, ইছলাম বা খ্ৰীষ্ট ধৰ্মও নৈতিক প্ৰদূষণৰ বলি হৈছে । পৃথি‌ৱীৰ বহু মছজিদ জেহাদি সকলৰ শিবিৰ হৈ পৰিছে । বহু ঠাইত ‘ফাদাৰ/চিষ্টাৰ’সকলৰ অনৈতিক কাণ্ড-কাৰখানাৰ কথাও শুনা যায় ।

ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা থকাতো নিতান্তই অপৰিহায্য ।
 কিয়ণো ধৰ্ম হৈছে এনে এক অস্ত্ৰ যাক সকলো মানুহেই একপ্ৰকাৰৰ ভয় আৰু ভৰসা কৰে । ধৰ্ম অবিহনে আজিৰ পৃথি‌ৱীত মানুহ বৰ্তি থকাই অসম্ভ‌ৱ হ’লহেঁতেন । নিজৰ মাজতে কটা-চিঙা আৰু মাৰ-ধৰ,কাজিয়া কৰি ‘মানুহ’ নামৰ জী‌ৱবিধ ডাইনোছৰৰ দৰে বিলুপ্ত হৈ পৰিলহেঁতেন । কাৰণ, ‘পাপ লাগিব’ বা ‘নাপায়’ বোলা কথাষাৰে মানুহৰ আদিম চেতনা আৰু বহুক্ষেত্ৰত কাম-ক্ৰোধ-লোভ-মোহ আদিকো দমন কৰি ৰাখিবলৈ সক্ষম হৈছে ।ই অতিকেই জৰুৰী ।

আমি আশা কৰোঁ, 
সাধাৰণ মানুহে যাতে ধৰ্মৰ নামত চলি থকা ব্যভিচাৰ তথা প্ৰহসনবোৰ চিনি পায় আৰুযেন সেইবোৰলৈ সহযোগিতা আগ নবঢ়ায় । সমাজত ধৰ্মই একতা বঢ়াওক । মানুহক নম্ৰ ,বিনয়ী, পৰো‌পকাৰী হ’বলৈ শিকাওক । মান‌ৱতাৰ জয়গান গাওঁক....

( প্ৰগতিশীল ভাৱধাৰা বহন কৰা নৱ-প্ৰজন্মৰ লেখক অৰুণজ্যোতি দাস, আইজলস্থিত, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ অভিযন্তা ৷  তেখেতৰ অন্যান্য লেখাৰ বাবে http://www.arunjyotisworld.blogspot.in চাওক)

সাহিত্য পৃষ্ঠা

ছুটিগল্পঃ
 ১. ছেণ্ডেলঃ নীলাঞ্জনা মহন্ত

জীৱনৰ অনুভৱঃ
১. কামৰ সৰু বৰ নাইঃ নিপুল মেধি 
২. মিঠা পুখুৰীৰ পৰা বিশ্বৰ সকলোতকৈ সৰু বাতানুকূল যন্ত্ৰলৈঃ অজয় লাল দত্ত
--------------------------------------------------------------------------------------------------------
অনুভৱঃ
জীৱনৰ লক্ষ্যঃ অলপ তললৈ নামিবানে মাইনা?
#অজয় লাল দত্ত
(১)
ৰাছিয়াতে জন্ম হোৱা মোৰ মামাৰ ল’ৰাটো খুৱেই তীক্ষ্ণ৷ কিবা আন্তৰ্জাতিক চাইন্স অলিম্পিয়াডতো চাৰ্টিফিকেট পাইছে ৷ এতিয়া দিল্লীত৷ ডিপিএছত প্ৰথম দহটাতে থাকে৷ এইবাৰ জানো-নাইনত নে টেনত৷ তাক সুধিলো- জীৱনৰ লক্ষ্য, এষ্ট্ৰোন’মি পঢ়াতো ৷ নিজকে ক’লো, অ’কে বাবা অ’কে!
(২)
এইবাৰ ঘৰলৈ যাওঁতে ট্ৰেইনত পৰিয়াল এটাৰ সতে গ’লো, এয়াৰফৰ্চত বদলি হৈ গৈছে অসমলৈ ৷ গুৱাহাটীৰ সমীপতে মায়ংৰ ফালে থকা এয়াৰফৰ্চৰ বেচটোলৈ ৷ ছোৱালীজনী এইবাৰ টেনত, নাম সুগন্ধা গাৰ্গ ৷ সপ্ৰতিভ ছোৱালীজনীয়ে মাজে মাজে কিতাপ আদি উলিয়াই পঢ়ে ৷ চকু দিলো, বিবেকানন্দৰ জীৱন দৰ্শনৰ কিতাপ ৷ ভাল লাগি হ’ল৷

 ভায়েকজন সপ্তমমান শ্ৰেণীত পঢ়ে, সিও তাতে কেন্দ্ৰীয় বিদ্যালয়তে পঢ়িব ৷ ভায়েকক মাজে মাজে সাধুকথা বোৰৰ ওপৰত তাই প্ৰশ্ন সুধি কুইজ খেলি আহিছে ৷ পৌৰাণিক সাধু কথাৰ পৰা ধৰি বিভিন্ন ভাৰতীয় পৰম্পৰাৰ সতে জড়িত প্ৰশ্ন ৷ 

সৰু আন ছোৱালী এজনীও (তেওঁলোকৰ লগতে অহা আন পৰিয়ালৰ) আহি ওলালহি, তাই আকৌ সেইবোৰৰ উত্তৰ নাজানে ৷ এইবাৰ আৰম্ভ কৰিলে আন এক কুইজ, আমেৰিকা সম্বন্ধীয়, সেই পৌৰাণিক সাধুৰ কথা নজনা কনমানিয়ে এইবাৰ তপৰাই উত্তৰ দি গ’ল ৷ 

এবাৰ চেগ বুলি সুগন্ধাক সুধিলো, তোমাৰ লক্ষ্য, উত্তৰ একেই স্পেছ! মনতে ভাবিলো, দেউতাকেই যেতিয়া এয়াৰ ফৰ্চৰ, তেন্তে জীয়াৰীটো এখোপ আগুৱাই স্পেচেই পাবগৈ লাগিব ৷
(৩)

সিদিনাও অসমৰ মেট্ৰিকৰ, উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিনা, টিভিৰ পৰ্দাত আমাৰ বোৰ ঠাইতো দেখিলো, নতুন চামৰ বহুতেই মহাকাশচাৰী হবলৈ বিচাৰিছে৷ নহলেও অন্তত স্পেচ ইঞ্জিনীয়াৰ, নাচাতেই কাম কৰিব!
ইচৰোও লক্ষ্যত নায়েই!

 সৰু-সুৰা চিভিল ইঞ্জিনীয়াৰ হৈ নদীবোৰকে বোলে নাকী লগাম, মাইনিং ইঞ্জিনীয়াৰ হৈ বোলে দেশক খনিজ সম্পদকে আহৰণ কৰি দিম, বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিকচ পঢ়ি বোলে সৌৰ শক্তিৰে পৃথিৱী উজলাম...নাই, মাটিতেই খোজ নিদিয়ে ৰাইজে! মেডিকেল পঢ়ি মানুহৰ দুখকে আঁতৰাবলৈ গৱেষণা কৰি নতুন আৱিস্কাৰেৰে নতুন পথ মোকোলাম! নাই!

মাটি, পানী, বায়ু তথা বায়ুমণ্ডলে আগুৰা আকাশখনৰ তলতে পৃথিৱীত কৰিব লগা অসংখ্য কাম আছে ৷ নিজৰ ঘৰ, পিতৃ-মাতৃ-পৰিয়াল-ভাই-ভনী প্ৰতি পালন কৰিব লগা অলেখ দ্বায়িত্ব আছে৷ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতিও কৰিব লগা বহুত আছে৷ ইয়াৰে মাটি, পানী, বায়ু, ফল, ফুলৰ ৰস-গোন্ধ আদিৰ মাজতে পাব পৰা অফুৰন্ত আনন্দ প্ৰাপ্তিৰ সম্ভাৱনা আছে ৷ "মই গান্ধীজীৰ দৰে হম" বুলি দেশৰ সেৱা কৰা মহান নেতা সকলৰ জীৱনীৰে, আদৰ্শৰে উদ্বুদ্ধ হব পৰাকৈ কবিতা আছে, দেহ-মন শাঁত পেলাব পৰাকৈ লোক-গীত, ঢোল-তাল, পেঁপা, বাঁহীৰ সুৰ আছে, বৰণীয়া কলা-সংস্কৃতি আছে ৷ মাটি, পানীৰ সুৱাস আছে...

সেই সকলোবোৰ এৰি, চৌপাশৰ পৃথিৱীখনলৈকে নজৰ নিদিয়াকৈ যেন এজাক কনমানিক কোঠাৰ ভিতৰত পঢ়াৰ টেবুলত মাক-দেউতাকে গৌৰৱ কৰিব পৰা অলীক কেৰিয়াৰৰ সপোন গুজি দিছে ৷ এই পৃথিৱীৰ বস্তুবোৰৰ যেন কোনো অৰ্থই নাই, স্পেচলৈ নগলে, মহাকাশ বিজ্ঞানী নহ’লে যেন অৰ্থই নাই, তেনে এক ধাৰণা তুলি দিছে.....
(৪)
সিদিনা, ফেচবুকতে এগৰাকী লেখিকাই আহ্বান জনাইছিল, জীৱনত যিয়েই নকৰা লাগিলে, অন্ততঃ মা, মাটি আৰু মানুহৰ সতে সম্পৰ্কটো পাহৰি নাযাবা বুলি ৷ সেই কথাষাৰে যথেষ্ট সাৰমৰ্ম বহন কৰিছে৷

সেই সুৰতেই যেন অতি উচ্চাকাংখ্যা বহন কৰা অভিভাৱক সকল, তথা কথাই প্ৰতি স্পেচলৈ যাবলৈ ডেউকা মেলি থকা সকলক কবলৈ মন গৈছে, অলপ তললৈ নামিবানে মাইনা৷ অলপ তলতে এখন নীলা আকাশ আছে, তাৰ তলত এখন সুন্দৰ পৃথিৱী, আৰু তাতে প্ৰকৃতিৰ অনুপম দানবোৰ৷ তাতেই মানৱীয় গুণেৰে প্ৰথমে ভাল মানুহ হোৱা, মানৱ জাতিৰ দুখ দুৰ্গতি কমোৱাৰ বাবেই নিজৰ প্ৰতিভাক কামত খটুৱা৷ স্পেচলৈ পাছত "কমাৰ্চিয়েল যানটো" গৈ এপাক মাৰি আহিবা কিনো কথা ৷ তেনেকুৱা ট্ৰীপটো আৰম্ভ হবলৈ গৈয়েই আছে.....


----------------------


ধ্ৰুৱজ্যোতি শইকীয়াৰ 
কবিতাৰে-পদ্যৰেঃ 
দৰৱ

বুকুৰ বিষ…
আজি কেবাদিনো হ'ল…

ডাক্তৰে ক'লে,
"চিন্তাৰ বিষয় নহয়,
বুকুৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰেমে শিবিৰ পাতিছে,
সপোনে গজালি মেলিছে…
মুখত কবিতা ফুটিছে…"

ডাক্তৰৰ কথা সম্পূৰ্ণ হোৱাৰ আগেয়ে কলো,
হয়তো ৰিপৰ্টখন মোৰ নহয়…
মনেমনে এবাৰ পত্নীৰ ফালে চালো,
তেওঁৰ মনত হাজাৰ দ্বিধাই বাঁহ সাজিছে,
অজুত প্ৰশ্নৰ কলিয়া ডাৱৰে,
উন্দোলাই আনিছে ভ্ৰূ…

সেপখিনি গিলি ডাক্তৰক ক'লো,
"মই বিবাহিত…"

প্ৰেচক্ৰিপশ্বনত দৰব লিখি লিখি,
মুৰ নদঙাকৈয়ে ডাক্তৰে উত্তৰ দিলে…

"তেন্তে মই নিশ্চিত
আপুনি প্ৰেমত পৰিছে,
এই দৰৱকেইটা লিখা মতে খাব,
ভাল হৈ যাব…"

দুনাই পৰিবাৰলৈ চোৱা নহ'ল,
সাহসো নহ'ল,
খৰধৰকৈ ওলাই আহিলো…

হয়তো তেওঁ মোৰ অনুপস্থিতিত,
ডাক্তৰক সুধিছে,
"মানুহজনৰ ভাল হবনে…?"

ফাৰ্মাচিৰ সমুখত ৰৈ,
দৰৱৰ নামবোৰ এবাৰ চালো…
পকেটত হাতখন ভৰাই,
ইফালে সিফালে উমান ল'লো,
অসহায় দৃষ্টিৰে
আকৌ এবাৰ মানুহজনীলৈ চালো…
দৰৱকেইটা লবলৈ,
হাতত আজিছোন এপইচাও নাই মোৰ…

দেখিলো 
মানুহজনীয়ে হাতৰ খাৰুপাতকে
মোলৈ আগুৱাই দিছে…
তেওঁৰ চকুলৈ নোচোৱাকৈ,
খাৰুপাত লৈ, ফাৰ্মাচীৰ মেজত থ'লো…

"চাওঁ ভাইটি, এই দৰৱ কেইটা দিয়া…৷"


------------------------------------------------------

অন্য চিন্তা - ১ : এটা সপোন, এখন সোনৰ অসম, আন এটা নতুন সপোন আৰু এটা আশা

#প্ৰতিভূ দত্ত


এটা সপোন

প্ৰায় ১৯৮২চন মানৰ কথা ৷
টীয়কৰ বাছ আস্থান ৷
এজন ১২/১৩ বছৰীয়া লৰাই তেওঁৰ ভনীয়েকৰ সৈতে প্ৰত্যেক দেওবাৰে আবেলি ৪মান বজাৰ পৰা ৰৈ থাকে, যোৰহাট অভিমুখী বাছৰ বাবে ৷ তেওঁলোকৰ ঘৰ কাকজানত ৷ দুয়ো টীয়কলৈ আহে, কাৰন ছোৱালীজনীয়ে তাত নাচ শিকে ৷


কিন্তু সমস্যা হ’ল আবেলি ৪ বজাত

যোৰহাট অভিমুখী বাছ তেনেই তাকৰীয়া হৈ পৰে ৷ প্ৰায়ে তেওঁলোকে টীয়কৰ পৰা কাকজনলৈ ৮ কিলমিটাৰ বাট খোজ কাঢ়িব যাব লগা হয় ৷
ভনীয়েক নাচি উঠি ভাগৰি পৰে ৷ তাৰ পাছত সেইবাট খোজ কঢ়া তাইৰ বাবে অসম্ভব হৈ পৰে ৷ তাই আদবাটতে বহি দিয়ে,‘দাদা মই খোজ কাঢ়িব নোৱাৰো ৷’
ককায়েকে তাইক তেতিয়া বোকোচাত তুলিলৈ ঘৰলৈ বুলি আগবাঢ়ে ৷
সেই ককায়েকজনে যেতিয়া আলিবাটত চলি যোৱা গাড়ীবোৰ দেখে তেতিয়া মনতে ভাবে,‘এদিন মই এখন গাড়ী কিনিব লাগিব !’

লৰাজন ডাঙৰ হ’ল ৷ সেই সপোন কিন্তু বুকুত সাবটি ৰাখিলে ৷
এদিন লৰাজন কাকজানৰ পৰা আহি গুৱাহাটী পালেহি ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ত নাম লগালে ৷ মাজে মাজে তেওঁৰ মন যায় অকমান পথভ্ৰষ্ট হ’বলৈ ৷ কিন্তু সেই সপোনটোৰ কথা মনত পৰি যায় — এখন গাড়ী কিনিব লাগিব !!!!
সেই সপোন বুকুত সাবটিয়ে এদিন তেওঁ এজন সুদক্ষ অভিযন্তা হ’ল গৈ ৷

এখন সোনৰ অসম

যোৱা নিশাৰ কথা ৷ আমি বন্ধু কেইজনমান লগ হ’লো হোটেল দিলীপৰ ১১১ নং কোঠাত ৷ গাড়ী কিনাৰ সপোন বুকুত সাবটি ডাঙৰ হোৱা সুদক্ষ অভিযন্তাজনো আহিছিল ৷ 


তেওঁ ক’লে,‘প্ৰতিভু দা, মই মেট্ৰিক দিয়াৰ সময়ত আমাৰ গাওঁৰ ফালে ‘সোনৰ অসম গঢ়া’ৰ ঢৌ ৷ মোৰো মনলৈ ভাব আহিল সোনৰ অসমকে গঢ়ো নেকি ৷ বহু ভাবিলো কি কৰা যায় ? মই ভাবি ভাবি পালো গৈ পঢ়া শুনা কৰিলেহে মই মোৰ সপোনটো পূৰাব পাৰিম ৷ লগৰ ভালেমান কেইজন গৈছে ‘সোনৰ অসম’ গঢ়িবলৈ, মই নগ’লেও হ’ব ৷ মই মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ স্বাৰ্থত পঢ়া শুনাতে মন দিলো ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ডাঙৰ হোৱা লৰা মই ৷ মোৰ কাৰনে গাড়ী কিনাৰ সপোনটো বৰ মৰমৰ সপোন আছিল ৷ সেই সপোনটোৱেই মোক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰালে ৷’

আন এটা নতুন সপোন

সেই গাড়ী কিনাৰ সপোন দেখা লৰাজনে গাড়ী কিনাক স্বাৰ্থতে সোনৰ অসমৰ সপোনৰ বাদ দিছিল বহু বছৰ আগতে ৷ কিন্তু এতিয়া তেওঁ অসমৰ কাৰনে কিন্তু নিস্বাৰ্থ ভাবে তেওঁৰ সামৰ্থৰ অনুসাৰে কাম কৰি গৈছে ৷ উনিক’ডত অসমীয়া, অসমীয়া উকিপিডিয়া, নিন্টাৰনেটত অসমীয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিভিন্ন সামাজিক কাৰ্য্যত তেওঁৰ অবদান প্ৰশংসনীয় ৷ এতিয়া তেওঁ আৰু বহু নতুন সপোন দেখিছে ৷ তাৰে এটা সপোনত তেওঁ দেখিছে অসমৰ সৰু ঘটনা এটা বিশ্বৰ দৰবাৰলৈ লৈ যোৱা ৷ বহুজনৰ সহায়ৰ প্ৰয়োজন হ’ব ৷ মোৰ দৃঢ় বিশ্বাস আছে তেওঁৰ এই সপোনো সফল হ’ব ৷

এটা আশা

আজিৰ উঠি অহাচামে বাৰু সেই ককায়েকজনৰ দৰে সপোন দেখে নে ??????
আশা কৰিছো, প্ৰাৰ্থনা কৰিছো সকলোৱে দেখক এটা মৰমৰ সপোন যি সপোনে তেওঁলোকক আগবাঢ়ি যাবলৈ বাট দেখুৱাব ৷

সামৰণি :

বন্ধুৱে নিশা বাৰমান বজাত বিদায় ল’লে ৷ তেওঁৰ ডাঙৰ গাড়ীখনৰে গ’লগৈ কাকজনলৈ আৰু মই খুলি ল’লো মোৰ লেপটপ ৷


উৎস-লেখৰক ব্লগঃ http://pratibhudutta.blogspot.in

------------------------------------------------------------------------------------------------------

পাখি মেলা মন.. তিতাবৰৰ দুৱৰি বন…

#ডঃ মাখন লাল দাস

“পাখি পাখি এই মন, পাখি লগা মোৰ মন.…” জুবিন গাৰ্গৰ সুমধুৰ গীতটো বাজি উঠিলে মোৰ মনটো উৰা মাৰে সুদুৰ তিতাবৰলৈ য’ত মোৰ দেউতাৰ অধিক স্মৃতি সাঙুৰ খাই আছে৷ মোৰো মধুৰ শৈশৱৰ বাৰে-ৰহণীয়া অভিজ্ঞতাৰ মেটমৰা ভাৰখনত তিতাবৰৰ দিনবোৰৰেই অৰিহণা বেছি৷ 

নগাৱঁৰ শেনচোৱাত থাকোতে বিহুৰ সময়ত দুই এদল বিহুমৰা ল’ৰা ঘৰলৈ অহা মনত পৰে৷ কিন্তু তিতাবৰ পোৱাৰ লগে লগে বিহুৰ সোৱাদেই সলনি হৈ গ’ল৷ প্ৰথমবাৰৰ বাবে বিশেষ ধৰণৰ বিহু-হুচৰিৰ স’তে পৰিচয় ঘটিল৷ দলে দলে হুচৰিৰ দলবোৰ ঘৰলৈ বিহু মাৰিবলৈ আহে৷ বিশেষকৈ স্বনামধন্য খগেশ্বৰ গগৈদেৱৰ হুচৰিদলৰ ঢুলীয়া চেওঁ মোৰ বাবে বিশেষ আকৰ্ষণ আছিল৷ মিহিৰাম শইকীয়া হাইস্কুলৰ ওচৰত আয়োজিত বিহু সন্মিলনীত ভিন ভিন ঠাইৰ পৰা অহা বিহুৱা সকলৰ নাচ হেপাহ পলুৱাই চাওঁ৷ ঘৰলৈ আহি অকলে অকলে বিহু নাচ অভ্যাস কৰো৷ ঘৰে ঘৰে হুচৰি মাৰি ফুৰা দলবোৰৰ পিচে পিচে ঘুৰি ফুৰো৷ বিশেষকৈ এটা কথা মোৰ ভালদৰে চকুত পৰিল৷ নাচনিবোৰে যেতিয়া বিহু নাচে তেতিয়া মাটিৰ পৰা ভৰিখন ওপৰলৈ নুঠে৷ ভৰিবোৰ এটা বিশেষ কিটিপেৰে মাটিত চোচোৰাই চোচোৰাই নিয়ে আৰু তেনেদৰে নাচনিবোৰে এটা বৃত্তৰ পৰিধিত ঘুৰি থাকে, ঘড়ীৰ কাঁটাৰ দিশত৷ ফলস্বৰুপে চোতালৰ বন বিলাক এফালে বেঁকা হৈ পৰে, ঠিক সেই দিশত৷ মই ভৰিবোৰলৈ ৰ’ লাগি চাই থাকো৷ আজৰি সময়ত মইও ঘৰত অকলে অকলে সেই অভ্যাস কৰি সফল হ’লো মাটিত ভৰি চোচোৰাই নাচিবলৈ৷ কিন্তু কাৰো আগত মোৰ বিহু নাচৰ স্ব-আৰ্জিত পাৰদৰ্শিতা দেখুউৱাৰ সুযোগ পোৱা নাছিলো৷

সোণকালেই সুযোগ আহিল৷ তেতিয়া মই প্ৰথম শ্ৰেণীত৷ বিহু ওচৰ চাপি আহিল৷ কাছজানৰ লক্ষ্য, ৰেচম পামৰ সন্মুখত থকা মহেন্দ্ৰ, তাঁতী গাৱঁৰ ৰাতুল আৰু অনেক লগ-সমনীয়াই সেইবাৰ এটা হুচৰিৰ দল গঠন কৰাৰ পৰিকল্পনা কৰিলে৷ মোকো লগ ললে৷ এঘৰৰ চোতালত গোট খাই আমি আখৰা কৰিব ধৰিলো৷ সুযোগ পাই মইও নিজৰ নাচৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলো৷ সকলো মুগ্ধ হ’ল আৰু মই হৈ পৰিলো আমাৰ দলটোৰ প্ৰধান নাচনি৷ প্ৰধান নাচনিৰ সন্মানেই বেলেগ৷ 

বিহু আহিল৷ আমিও ঘৰে ঘৰে বিহু মাৰিবলৈ আৰম্ভ কৰিলো৷ ঘৰে ঘৰে গৃহস্থৰ পৰা পোৱা টকাবোৰ কোনোবা এজনে সযতনে জমা কৰি গ’ল৷ আমাৰ নিজৰ ঘৰলৈও বিহু মাৰিবলৈ আহিলো৷ নাচি নাচি ভাগৰ লাগি গ’ল৷ ভিতৰৰ পৰা কোনো ওলাই নাহে হে নাহে মাননি দিবলৈ৷ মোৰ নাচি নাচি ভাগৰত লালকাল অৱস্থা৷ অৱশেষত যেনিবা দাদাহঁত ওলাই আহিল হাতত তামোল-পাণৰ বটা লৈ৷ পাচত মোক দাদা এজনে কলে, “তইনো কিমান নাচিব পাৰ, তাকে আজি আমি চালো৷” পেটে পেটে মোৰ খং উঠিছিল যদিও মিচিকিয়াই হাঁহি মনে মনে থাকিলো৷

তাৰ পিচদিনা আবেলি পৰত আমি ওলাই গ’লো মাধপুৰ তিনি আলিৰ পিনে৷ ঘৰে ঘৰে বিহু মাৰি গৈ গৈ দত্ত চাৰৰ ঘৰতো বিহু মাৰিলোগৈ৷ চাৰৰ আগত বিশেষ উৎসাহেৰে নাচিলো৷ তাৰ পাছত বিহু মাৰি মাৰি গৈ থাকিলো দুৰলৈ৷ কেতিয়া ৰাতি হ’ল গমেই নাপালো৷ ৰাতি ৯ টা মান বাজিলত আমি সম্বিত ঘুৰাই পালো৷ ঘৰলৈ উভটিব লাগে বুলি কোনোবা এজনে ক’লে৷ আমি আহি পথাৰ এখনত বহিলোহি৷ চাৰিওফালে ঘিটমিটিয়া এন্ধাৰ৷ দুজন মানে বাঁহৰ পাব দুটা মান কাটি, তাতে কেৰাচিন তেল অলপ অলপ ভৰাই শুকান খেৰৰ থিলা মাৰি দি মুখবোৰ বন্ধ কৰি জুইশলা মাৰি খেৰখিনিত জুই লগাই দিলে৷ সেইয়া হ’ল জোৰ৷ 

তেনে জোৰ দুটামান হাতত লৈ, তাৰ পোহৰত আমি পথাৰৰ মাজে মাজে বাট পোনালো আমাৰ ঘৰৰ ফালে৷ কছাৰী গাৱঁৰ পিছপিনেৰে আহি আমি থকা ৰেচম পাম পালোহি৷ হাতত জোৰ লৈ থকা দুজনে মোক ঘৰৰ মুখলৈকে লৈ গ’ল৷ বাকীবোৰ নিলগত ৰৈ থাকিল৷ তেতিয়া ১০ টা মান বাজিছিল ৰাতি৷ ঘৰত মা-দেউতাহঁত উৎকন্ঠাৰে ৰৈ আছিল৷ জোৰৰ পোহৰ দেখি দুৱাৰ মেলি মা বাহিৰ ওলাই আহিল৷ আমাক দেখি গালি পাৰিবলৈ আৰম্ভ কৰিলে৷ “ইমান ৰাতি ক’ত আছিলা তোমালোক? একো খবৰ-বাতৰি নাই”, ইত্যাদি ইত্যাদি৷ মই তলমূৰকৈ ঘৰ সোমালো , ভয়ে ভয়ে৷ দেউতাই পিঠিৰ ছাল চিঙিব বুলি ভাবিছিলো যদিও দেউতা আচৰিত ভাবে নিমাত হৈ থাকিল৷ মই গৰম পানীৰে ভৰি-হাত ধুই, বাধ্য ল’ৰাৰ দৰে নাকে-কাণে ভাত কেইটামান খাই বিচনাত উঠিলোহি৷ কেতিয়া টোপনি আহিল গমেই নাপালো৷

Photo cournesy: Rituraj Konwar, The Hindu
মোৰ বিহু মৰাও সেইবাৰলৈ তাতেই শেষ৷ লগৰীয়াবোৰে পিছদিনা মোক মাতিবলৈ নাহিল৷ দুদিনমান পিছত খবৰ দিলেহি ৰাতি ভোজ পাতিছে বুলি ওচৰৰে এঠাইত, বিহু মাৰি পোৱা টকাৰে৷ মোৰহে যোৱা নহ’ল৷ মা-দেউতাৰ অনুমতি ল’বলৈ সাহস গোটাব নোৱাৰিলো৷

তিতাবৰ এৰি থৈ শ্বিলং পালোগৈ৷ তাৰপাছত বৰপেটা৷ ঢোলৰ মাত শুনিলে কিন্তু আজিও হেপাহ পলুৱাই নাচিবৰ মন যায়৷ পাখি লগা মনটো উৰা মাৰে তিতাবৰৰ সেই সোণালী দিনবোৰলৈ৷ চকুত ভাঁহি উঠে নাচনিৰ গচকত বেঁকা হৈ পৰা চোতালৰ সেই বন বোৰলৈ৷ কাণত বাজি উঠে লক্ষ্যই গোৱা বিহুগীতফাঁকিলৈ, “ আমে পাত সলালে, চামে পাত সলালে, ফুলিলে ভেবেলী লতা অ’ আইজনী, তুমি আমাৰ নাচনী, নেনাচো বুলিলে, ওলায় চকুপানী..” 

কিবা এক অবুজ আবেগত সঁচাকৈয়ে চকুপানী ওলায় আজি৷

(উৎসঃ লেখকৰ ব্লগ- অভিজ্ঞতাৰ সঁফুৰাঃ http://drmakhanlaldas.blogspot.in )

----------------------------------------------------------------------------
(২)


কুকুৰৰ বিষয়ে এখন ৰচনা



#মাধুৰীমা ঘৰফলীয়া



মই শিৱসাগৰৰ বকতা নামৰ ঠাইখনৰ এখন সৰু গাঁওৰ ছোৱালী । আমাৰ গাঁও খনত মাহিলি ৪০০০০ হাজাৰ মান টকাৰ ওপৰত আয় কৰা চাকৰিয়াল নায়েই । পিছে গাঁওত এটা কথা অলপ হ’লেও খাটে-ধান থাকিলে মান থাকে, বাঁহ থাকিলে সাহ থাকে । প্ৰায় প্ৰতিঘৰ মানুহৰেই এটা ডাঙৰ ভঁৰাল আৰু এখন হ’লেও ডাঙৰ বাৰী আছে । গতিকে একেবাৰে দুখত থকা গাঁও নহয় । গাঁওখনত মুঠতে ৪০ ঘৰ মান মানুহ আছে । সেই মানুহখিনিকেই আমিবোৰে তিনিটা ভাগত ভাগ কৰিছিলোঁ –এটা হ’ল গাহৰি চুক ( ইয়াত প্ৰতি ঘৰতে দুই তিনিটা গাহৰি থাকেই ) ।নী চুক ( ইয়াত বছৰৰ ৩৬৫ দিনেই লাও পানী পোৱা যায় ) । আৰু এটএএ

এটা হ’ল কুকুৰ চুক । এইটো চকুত পাঁচ ঘৰৰ মানুহ আছে আৰু গোটেই কেইঘৰত লগ লগালে অতি কমেও ১৫ টা মান কুকুৰ থাকেই । আমাৰ ঘৰতো কুকুৰ চুকত। আজি ৪ বছৰৰ আগত বৰতা , দদাইদেউ আৰু আমাৰ ঘৰত যুটীয়া কৈ চাৰিজনী মাইকী কুকুৰ আৰু এটা মতা কুকুৰ আছিল । সময়ত চাৰিও জনীয়ে গাইপতি চাৰিটা কৈ পোৱালী দিলে । তাৰে দুটামান আনে নিলে । দুটা মান থাকি গ’ল । মুঠতে ১১ টি হ’ল গৈ । আমাৰ তিনি ও ঘৰতে ভিক্ষাৰীও আহিবলৈ বাদ দিলে । যিহে চোকা কুকুৰ । তাৰে দুটা মানে এদিন এনেই খেদাখেদি কৰাত মোৰ চিৰিয়াখানা খনৰ শহা এটা হাৰ্ট ফেইল হৈ মৰিল । তথাপি সিহঁতক একো নকৰিলোঁ । পিছে এবাৰ খৰালিত গোটেই জাকটোৱে লগ লাগি গাঁৱৰ ছাগলীবোৰ চিকাৰ কৰিবলৈ ধৰিলে । প্ৰতিদিনেই গোচৰ আহে । আমাৰ ইঘৰে কয় সিঘৰৰ কুকুৰ হে ,সিঘৰে কয় সেই সিহঁতৰ হে....আৰু যদিহে মই নথকা অৱস্থাত কোনোবাই গোচৰ দিয়ে গোটেই কুকুৰ গালৰ মালিক ময়ে হৈ পৰো । মানুহবোৰ বিপাঙত পৰিল । শেষত গাঁওৰ মানুহ লগ লাগি সেই এঘাৰ টি কুকুৰৰ দহ টিয়েই নিধন কৰি পেলালে । বাকী থাকিল ঘাই মাক জেতুকি ।


এদিন সন্ধিয়া সাত মান বজাত দেতা আৰু মই চোঁতালত বহি আছো । তেনেতে ককাইদেউ এজনে টচ লৈ জুপি জুপি কিবা বিচাৰি ফুৰিছে । মই বাৰে বাৰে সুধিছোঁ তইনো আমাৰ বাৰীত কি বিচাৰিছ ...সি নকয় । শেষত অলপ আতৰত বহি থকা দদাইদেৱে ক’লে-সি জেতুকিক বিচাৰিছে । কোনোবা মানুহ এটাৰ বোলে মেলেৰীয়া হৈছে....মাইকী কুকুৰৰ মাংস খালে বোলে ভাল হ’ব । তাক সেই মানুহটোৱে লাও পানী খাবলৈ পইচা দিব পায়...সেইবাবে সি বিচাৰি আছে ।


মোৰ লগে লগে মুৰ গৰম হৈ গ’ল । ভালেটিহে সি মোক নকয় । লগে লগে যিমান পাৰি সিমান টেঁটু ফালি চিঞৰি তাক গালি দিলোঁ, দম ও দিলোঁ-আজি যদি জেতুকি হেৰাই মই তোৰ নামত কেচ দি দিম চাবি । মই থাকোঁতে আমাৰ ঘৰৰ সীমাৰ পৰা কুকুৰ নিবলৈ আহিছ...তাকো খাবলৈ । সেইটো কোন মেলেৰীয়া হৈ মৰে মৰক ......


মোৰ খঙ দেখি ককাইদেউ চুপ-চাপ ঘৰত সোমাল গৈ ।( ককাইদেউ ঘৰতো আমাৰ ঠিক সমুখতে ....আৰু হাঁহি উঠা কথা যে সেই সময়ত কুকুৰ নিবলৈ কোনোবা মানুহ সিহঁতৰ ঘৰত বহিয়ে আছিল !! সেই একেজন ককাইদেৱে এইবাৰ বিহুৰ সময়ত মোৰ কপৌফুল এজোপাৰ পৰা কোনোবাই ফুল বিচৰাত বিৰাট ধমকী দি পঠাইছে বোলে । সেইবোৰ হেনো মোৰ বস্তু ।)


মই দিল্লীলৈ অহাৰ অলপ দিনৰ পাছতেই মায়ে ফোন কৰি জনাইছিল জেতুকিয়ে পোৱালী দিছে । দুটা মতা আৰু তিনিজনী মাইকী !!! তাৰে মাইকি পোৱালী এজনী ভাইটি সোণে তাৰ পাম ঘৰলৈ লৈ গ’ল । নাম থৈছে বাসন্তী ।


মোৰ জীৱনৰ প্ৰথমটো কুকুৰৰ নাম আছিল টম । গাঁৱৰ এঘৰৰ পৰা সেই ভতুৱা কুকুৰটো মোৰ ভাইটিটোৰ সৈতে লগ লাগি চুৰ কৰি আনিছিলোঁ । তাক মই সদায় চাইকেলৰ কেৰিয়াত তুলি লৈ ঘুৰি ফুৰিছিলোঁ । গাঁওৰ প্ৰতিজন মানুহেই তাক মৰম কৰিছিল । টম বলিয়া হৈ ঢুকাইছিল । বলিয়ালি কৰিথকা সময়তো শিকলিৰে বান্ধি থোৱা কুকুৰটোৰ কাষত মই বহি আছিলোঁ । সি মোক একো কৰা নাছিল । মোৰ হিয়াৰ বহু অংশ জুৰি সি আজিও আছে ।


গুৱাহাটী থকাৰ সময়ত মোৰ জাৰা নামৰ এজনী পমেৰিয়ান ব্ৰিডৰ কুকুৰ আছিল । তাই এটাই বেয়া দোষ আছিল তাইৰ যদি কেনেবাকৈ প্ৰেচাব কৰিব লাগে...তাই য’তে নাথাকক দৌৰি আহি ভিতৰত প্ৰেচাব কৰিব ! মই হাইৰাণ হৈ গৈছিলোঁ সেইবোৰ চাফা কৰি কৰি । পিছে তাই মোক খুব ভাল পাইছিল ।

কুকুৰ অবিহনে মই থাকিবই নোৱাৰোঁ । গতিকে শিৱসাগৰত ভাইটিটোৰ সৈতে ভাৰাঘৰত থাকিবলৈ লৈয়ে এঘৰৰ পৰা ক্ৰচ কুকুৰ পোৱালী এজনী আনিলোঁ । নাম থলো এঞ্জেল । কাজল সনা যেন চকু দুটিৰে এঞ্জেল ইমানেই মৰম লগা আছিল যে সেই গলিটোৰ প্ৰতিটো লৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তাই মৰমৰ হৈ পৰিল । তাতে তাই ছোৱালী বাবে মই কাণ এখন ফুটুৱাই ফুলিও পিন্ধাই দিলোঁ । একেবাৰে সোণত সুৱগা চৰিল আৰু । পিছে মাঘ বিহুৰ বাবে মই আগতীয়াকৈ ঘৰলৈ যোৱা সময়ত এঞ্জেলক কোনোবাই চুৰ কৰি লৈ গ’ল । বৰ দুখ লাগিল । সকলোতকৈ জমনি কথাটো হল যে এঞ্জেল হেৰুৱা তিনিমাহ মানৰ পাছত সেই গলিটোৰ প্ৰায় প্ৰতিঘৰ মানুহেই নিজাকৈ কুকুৰ আনি ল’লে ।


এতিয়া মই কুকুৰ বিহীন হৈ আছো । গৃহস্থই মোক কথা দিছে বোলে- পাছৰ জন্মদিনত মোক কুকুৰ এজনী গিফট দিব । জন্মদিনটো যদি আৰু অলপ সোনকালে আহিল হেতেন.......

(উৎসঃ http://madhurimagh.blogspot.in )

------------------------------------------------------------------
(৩)

বিহুৰ খাদ্য সম্ভাৰ সামৰি আইতাৰ চিঠি

মৰমৰ নাতি-নাতিনীহঁত,

তোমালোক আটাইলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো ৷ লগতে মোৰ এবুকু মৰম স্নেহো ৷ আশাকৰো আদৰেৰে গ্ৰহণ কৰিবা ৷ ভগবানকো প্ৰাৰ্থনা কৰিছো যাতে সকলোৱে কুশলে থাকা ৷ ৰঙালী বিহু আহি পাও পাও হওঁতে সকলোৰে গা চাগৈ সাত-খন আঠখন হৈছে, নহয়নে বাৰু? নহবইবা কিয়? আমাৰ বাপতিসাহোন বিহুটিলৈ আটায়ে বাট চাই থাকে৷ আহিলেটো কথাই নাই নহয়নে? 
আমাৰ অসমীয়া বিহুটোত নাচিবলৈনো কাৰ মন নাযায় ৷ আমাৰ অসমীয়াৰ বিহুটোত, জাতীয় ঐতিহ্য তথা পৰম্পৰা যেনেকৈ আছে, ঠিক তেনেকৈ খাদ্য সম্ভাৰৰো পৰম্পৰা আছে ৷ এই খাদ্য সম্ভাৰে বিশ্বৰ অন্যান্য লোককো আকৰ্ষত কৰি আহিছে৷ অসমীয়া বিভিন্ন খাদ্য কেৱল, ৰুচিপূৰ্ণ বা সুস্বাদ্যুৱেই নহয়, ই পুষ্টিকৰ সু-স্বাস্থ্য কাৰক, ৰোগ প্ৰতিৰোধক আৰু নিৰাময় কাৰক ৷ 

নাতি, নাতিনীহঁত, তোমালোকে জানাই নহয়, আমাৰ বহু তিনিটা ৷ এই বিহু তিনিটাত ব্যৱহাৰ হৈ অহা চিৰা-পিঠা, আখৈ মুৰি, দৈ-গুৰ চেনী মৌ, তিল পিঠা, হুতুলী পিঠা, টেকেলী পিঠা, চচ পিঠা, চুঙা পিঠা, কল পিঠা, বৰ পিঠা, খোলা দিয়া পিঠা, লুথুৰী পিঠা, নিমখীয়া পিঠা আদি খোৱা হয় ৷ এই বিভিন্ন পিঠাৰ ভিতৰত তিল পিঠা অতি সোৱাদ লগা আৰু উৎকৃষ্ট ৷ তিলপিঠাত বহুত ৰোগ প্ৰতিৰোধী ক্ষমতা আছে, যেনে হৃদয় শক্তিশালী কৰে, আৰু দাঁতৰ ৰোগ প্ৰতিৰোধত সহায় কৰে ৷ কলপিঠাই সুস্বাস্থ্য বৃ্দ্ধিত সহায় কৰে ৷ বৰপিঠাই কৃমি নাশ কৰে ৷ লুথুৰী পিঠা যিকোনো মানুহে খাব পাৰে ৷ই শৰীৰক যথেষ্ট শক্তি দিয়াৰ লগতে বুদ্ধি আৰু স্মৰণ শক্তি অটুট ৰাখে ৷

পিঠাপনাৰ দৰে আমাৰ বিহুত ব্যৱহাৰ কৰা জলপানতো, ঔষধি গুণৰ থকা বুলি জনা যায়৷ কোমল চাউল, আখৈ, চিৰা, মুৰিৰ লগত দৈ খোৱা হয়, এই বিলাক পেটৰ কাৰণে ভাল ৷ সান্দহ, চিৰা, কৰাই গুৰি আদিত মৌ দি খালে, গাৰ চাল নিমজ হয়, হৃদয় শক্তিশালী হয় আৰু তেজ পৰিস্কাৰ কৰে ৷

মাঘ বিহুত ব্যৱহাৰ কৰা বিভিন্ন আলু যেনে- ৰঙা মিঠা আলু, কাঠ আলু, পাতি-দৈ আলু, শিমলু আলু, মোৰা আলু আদিয়ে আমাৰ শৰীৰত যথেষ্ট শক্তি যোগান ধৰে ৷ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয় ৷

বহাগ বিহুত বিশেষকৈ গৰু বিহুৰ দিনা ৰাতি এশ এবিধ শাক-পাচলি খোৱাটো আমাৰ নিয়ম, এই এশ এবিধ ঔষধি গুণ সম্পন্ন শাক-পাচলি খোৱাৰ ফলত, মনলৈ নতুন উচাহ-উদ্দীপনা আনে৷ আৰু ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি জনবিশ্বাস আছে ৷সাত-বিহুত ভেকুঁৰী তিতা, কেৰেলা, বাসৱ তিতা, বেতৰ গাজ, মহানিম আদি খাব লাগে ৷ ভীমকলৰ পচলা আৰু কলডিল খালে, নিম্ন ৰক্তচাপৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি ৷ বাঁহৰ গাজৰ পৰা তৈয়াৰ কৰা খৰিছা, টেঙা আৰু মাছৰ লগত খাবলৈ বৰ বঢ়িয়া ৷ তোমালোকে খায় চালেহে গম পাবা ৷ ইয়াত থকা খাদ্যপ্ৰাণ-গ(ভিটামিন চি)ই ৰোগ প্ৰতিৰোধত সহায়ক হয় ৷ মুঠতে নাতিহঁত অসমীয়া বিহুত তৈয়াৰ কৰা, ৰুচিকৰ খাদ্য সমূহ খাবলৈ নেৰিবা দেই ৷ কলীয়া কচুৰ ঠুৰীৰ আঞ্জা কিমান তৃপ্তিদায়ক, খায় নাচালে উপলব্ধি কৰিব নোৱাৰিবাহঁক ৷ পদিনা, নৰসিংহ, ভেদাই লতা, নহৰুৰ চাটনিয়ে তৃপ্তিৰ লগতে পেটৰ ৰোগো নাশ কৰে ৷

চোৱাচোন আমাৰ পূৰ্ব-পুৰুষ সকল খাদ্যৰ প্ৰতি কিমান সচেতন আছিল, আৰু প্ৰিতটো বিহুতে পৰিপুষ্টি খাদ্য তৈয়াৰ কৰি এক পৰম্পৰাৰ সৃষ্টি কৰি থৈ গৈছিল৷ আৰু সেয়া আগলৈ কঢ়িয়াই দ্বায়িত্বও তোমালোকৰেই ৷

কিন্তু অতি পৰিতাপৰ বিষয় যে তোমালোকে আজিকালি এনে খাদ্যৰ প্ৰতি পিঠি দি বিভিন্ন দেশৰ পৰা অহা ফাষ্ট ফুড খাদ্যৰ প্ৰতিহে আকৰ্ষিত হৈছে ৷ এইটো বৰ বেয়া কথা হৈছে ৷

আমি আশাকৰো যে, আমাৰ বিহুৰ পৰম্পৰাৰ লগতে সাজপাৰ আৰু খাদ্য সম্ভাৰৰ পৰম্পৰাও যাতে, ৰক্ষা কৰিব পাৰো ৷ তাৰ প্ৰতি সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ কৰিলো ৷

এই কামনাৰে আজি আইতাৰ চিঠি ইমানতে সামৰণি মাৰিলো ৷ সৰ্বশেষত তোমালোক আটাইলৈ পুনৰ বিহুৰ ওলগ জনাই আকুণ্ঠ আশীৰ্বাদেৰে আহিলো দেই ৷

ইতি
তোমালোকৰ 

আইতা
শশীমাই শইকীয়া (দত্ত)