Tuesday, May 21, 2013

দেশে বিদেশে ৰঙালী বিহু


[বিহুবলীয়া ৰাইজৰ সুবিধাৰ্থে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত সামাজিক সংগঠনৰ সহযোগত উদযাপন কৰিব লগীয়া বহাগী/ৰঙালী/বসন্ত উৎসৱৰ বা-বাতৰিৰ বাবে বহাগী বিশেষ এই পৃষ্ঠাৰ আয়োজন কৰা হৈছে ৷ কোন শিল্পীৰ কোন, ক’ত কেতিয়া, সকলো ধৰণৰ সাংস্কৃতিক সন্ধিয়াৰ খা-খবৰ ৰাইজৰ সহযোগত ইয়াত লিপিবদ্ধ কৰা হব ৷ লগতে বিহু উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ সমূহৰ ই-সংস্কৰণ (পিডিএফ) পঢ়া আৰু ডাউনলোডৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হব ৷ পাছত দেশ বিদেশৰ সাংস্কৃতিক সন্ধিয়া সমূহৰ দৃশ্যাংশ তথা mp3, ভিডিঅ’ এই পৃষ্ঠা যোগে পৰিবেশনৰ কৰাৰ চেষ্টা চলাবলৈ আগবাঢ়িছো ৷ ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা কামনা কৰিলো ৷]

কাটাৰৰ ৰঙালী বিহু

                                                        #ডাঃ ভূপেন্দ্ৰ কুমাৰ শইকীয়া
অৱশেষত সকলো উৎকন্ঠাৰ অবসান ঘটাই বহু প্ৰতীক্ষাৰ দিনটো আহিল৷ সেই বিশেষ দিনটো হ'ল ১৯ এপ্ৰিল শুকুৰবাৰ৷ কাটাৰত বন্ধৰ দিন হ'ল শুকুৰবাৰ৷ কিছুমানৰ কিন্তু শুকুৰবাৰেও ডিউটি থাকে৷ তথাপিও ব'হাগৰ প্ৰথম শুকুৰবাৰটোকে কাটাৰৰ ৰঙালী বিহু পালনৰ বাবে প্ৰায় দুমাহৰ আগতে বাচনি কৰি লোৱা হ'ল৷ তাৰ পিছৰ পৰা আৰম্ভ হ'ল ৰিহাৰ্চেলৰ পৰ্ব৷ কেবল শুকুৰবাৰেহে সন্ধিয়া ৩৷৪ ঘন্টাকৈ আখৰা কৰা সম্ভৱপৰ হৈছিল - তাৰ মাজতে কোনো এজনৰ ব্যক্তিগত কাম বা অসুবিধাও ওলায়৷

 ইয়াৰ ওপৰিও সমন্বয়ৰ অভাৱ, সামান্য কথাতে ভুল বুজাবুজি, ঠেঁহ-পেঁচ আদি সকলো অসমীয়া গোটৰ মাজত থাকেই ৷ তৎসত্বেও সকলো বাধা অতিক্ৰম কৰি আমি কাটাৰৰ অসম সমাজে বিহু পাতিবলৈ বুলি কঁকালত টঙালি বান্ধি সাজু হলোঁ৷ ক্ষুদ্ৰ দেশ কাটাৰত থকা অসমীয়া পৰিয়ালৰ সংখ্যা কমেও এশজন হব৷ টেলিফোন,ই-মেইল, ফেচবুকৰ মাধ্যমেৰে যিমানখিনি পাৰি যোগাযোগ কৰি সকলোকে শেষ মুহূৰ্তলৈ খবৰ দি থকা হ'ল৷ আখৰাত ভাগ লবলৈ ১২০কিলোমিটাৰ আতৰৰ অল খোৰৰ পৰাও পৰিয়াল আহিল ডোহাৰ অল ৱাক্ৰাৰ শিল্পী দম্পত্তি দেবজিৎ কলিতা আৰু গীতাশ্ৰী কলিতাৰ বাসভৱনলৈ৷ আহোতে হাতত ঘৰত বনাই অনা জলপানৰ টোপোলাও লৈ আহিল৷ 

আখৰাৰ দিনকেইটা বেচ উপভোগ্য হৈছিল, লাগিছিল যেন পিকনিকৰহে আয়োজন চলিছে৷ আখৰাৰ মাজত নাইবা শেষত নানাবিধ সুস্বাদু খাদ্যৰ যোগাৰে প্ৰবাসী অসমীয়াসকলৰ মাজত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাত এঠাৰ দৰে কাম কৰিলে৷মনলৈ অনুভূতি আনিলে যেন আমি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে একেটা পৰিয়ালৰ সদস্য৷ এটা সময়ত বাতৰিকাকতত পঢ়িছিলোঁ, দূৰদৰ্শনত দেখিছিলোঁ বিশ্বৰ বিভিন্ন ঠাইত প্ৰবাসী অসমীয়াসকলে একত্ৰিতহৈ বিহু পাতিছে৷ এতিয়া নিজে প্ৰবাসী হৈ বিহুৰ আযোজন কৰিবলৈ লওঁতে মনত আবেগ আৰু উৎকন্ঠা দুয়োটায়ে ঠাই লৈছিল৷ নহবই বা কিয় , কথাতে কয়- "বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান"৷

কম সময়তে সুন্দৰকৈ সজোৱা ডোহাৰ বিন মামুদ অঞ্চলৰ অল-আচৰা পাৰ্টি হলত সন্ধিয়া ৭ বজাৰ লগে লগে "অ' মোৰ আপোনাৰ দেশেৰে" অনুষ্ঠানৰ আৰম্ভণি কৰা হয়৷ ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ উপ সভাপতি শ্ৰীগিৰীশ কুমাৰ বিশিষ্ট অতিথি হিচাবে সেইদিনা অসম সমাজৰ মাজত উপস্থিত আছিল৷ তেওঁক অভ্যৰ্থনা জনোৱাৰ পিছত মোৰ ভাগত পৰে চমুকৈ দুআষাৰ কোৱাৰ দায়িত্ব৷ ইয়াৰ পিছত জ্যোতি সংগীত "স্বাগত স্বাগত সতীৰ্থ " সমবেত সংগীতৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ বৰগীত, আধুনিক গীত, বিহুসুৰীয়া গীত,তবলা বাদন, কৃষ্ণ নৃত্য, শিশুৰ দ্বাৰা পৰিবেশিত কেইটিমান বিহুনৃত্যৰ ওপৰিও বিহু হুঁছৰি আছিল অন্যতম আকৰ্ষণীয় অনুস্থান৷ কাটাৰ এয়াৰলাইনত কৰ্মৰত ডেইজি দলে আৰু অম্বিকা চৌধুৰীৰ বিহু নৃত্য সমূহ দৰ্শকসকলে প্ৰাণভৰি উপভোগ কৰিলে৷ ডা০ প্ৰেমানন্দ গোস্বামীৰ কন্যা পূজা গোস্বামীৰ বিহুসুৰীয়া গীতৰ তালত ৰব নোৱাৰি জেষ্ঠ মহিলা সদস্য ৰুমী গগৈ, জয়শ্ৰী গোস্বামী, ৰুমঝুম শইকীয়াৰ সৈতে আন সমবেত পুৰুষ-মহিলা সকলোৱে বিহু নাচিবলৈ আৰম্ভ কৰে৷ এনেদৰে আপোনপাহৰা হোৱাৰ ফলত উপস্থিত সকলোৰে বিদেশত নাথাকি অসমত থাকি মুকলি বিহুত অংশ লোৱা যেনেই লাগি গৈছিল৷

সেইদিনাৰ আন আকৰ্ষণ আছিল 'কণী যুঁজ' - ইয়াৰ দ্বাৰা বিদেশত জন্মি ইয়াতে লালিত-পালিত হোৱা নৱ প্ৰজন্মক আমাৰ উছবৰ এটি আভাস দিয়াৰ প্ৰয়াস কৰা গ'ল৷ ৰঙালী বিহু উপলক্ষে শিশু সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বাবে বিষয় দিয়া হৈছিল - শিশুৰ দৃষ্টিত যি কোনো এটি উৎসৱ৷ চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত ভাগ লোৱা প্ৰতিটো শিশুকে একোটাকৈ উদগণি বঁটা দিয়া হয়৷ উল্লেখযোগ্যযে আমাৰ অসমীয়া মহিলাসকল বিহুৰ পিঠা-পনা,জলপান,কেক আদিৰ যা-যোগাৰ কৰাটো পিছ পৰি থকা নাছিল৷অনুষ্ঠানৰ মাজে মাজে সকলোৱে বিহুৰ অসমীয়া খাদ্যৰ জুতি লবলৈ পোৱাটো সৌভাগ্যৰ কথা৷

 ইয়াৰ ওপৰিও গুৱাহাটী দূৰদৰ্শণৰ বাতৰি পঢ়োতা আৰু ঘোষিকা দীপশিখা দেবৰ অনুষ্ঠান পৰিচালনাই সন্ধিয়াটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল৷ অনুষ্ঠানৰ শেষত নিশাৰ আহাৰ সকলোৱে মিলা প্ৰীতিৰে গ্ৰহণ কৰাৰ পিছত গুৱাহাটীৰ পৰা অনা আমাৰ বাৰীৰ তামোল পাণেৰে সকলোকে মুহুদি কৰোৱা হয়৷ আমাৰ বহুতেই নাজানেযে অসমৰ আতৰে কেবল আৰবী সমাজতেই নহয় গোটেই বিশ্বতে সুগন্ধি বিলাইছে৷ডোহাৰ আতৰৰ ব্যৱসায়ত জড়িত অসমীয়া যুৱককেইজনে ৰঙালী বিহুৰ অনুষ্ঠানত ভাগ লবলৈ অহা প্ৰতিজন অভ্যাগতকে একোটিকৈ আতৰৰ বটল উপহাৰ যাচে৷ আজিৰ কাটাৰৰ ডায়েৰীৰ শেষত ইমানেই কম যে বিহু সন্মিলনীৰ সামৰণিত 'সকলোৱে এক পৰিতৃপ্ত মন আৰু এমোকোৰা হাঁহিলৈ ঘৰমুৱা হোৱাটো আছিল এইবাৰৰ কাটাৰৰ বিহুৰ বৈশিষ্ট' বুলি আলোচনা হোৱাটো আমাৰ বাবে পৰম আনন্দৰ বিষয়৷

কাটাৰৰ অসম সমাজৰ ৰঙালী বিহু উৎসৱৰ কেইটিমান ভিডিঅ' লিংক সংলগ্ন কৰা হ'ল৷
ইয়াৰে এটি আখৰাৰ দৃশ্য৷
https://www.facebook.com/photo.php?v=583060275047932&set=o.540140546007730&type=2&theater#
http://www.youtube.com/watch?v=PKPyOJawH1g
http://www.youtube.com/watch?v=Jo6gJDL21F0
http://www.youtube.com/watch?v=f8BURJR7iBg
http://www.youtube.com/watch?v=mxDpYcvFkfA
https://www.facebook.com/video/video.php?v=511612115552557
http://www.youtube.com/watch?v=mxDpYcvFkfA

---------------------------------------------------------

বিহু সম্পৰ্কীয় শেহতীয়া বাতৰিঃ
বিদেশৰ মাটিতঃ
১. অসম সমাজ, ইউ এ ই 
 
http://www.facebook.com/axam.xamaj
ৰঙালী বিহু উদযাপন, ৫ এপ্ৰিলত,  মেট্ৰপলিটান পেলেচ ডুবাইত অনুষ্ঠিত হৈ যায় ৷
সবিশেষ বতৰাৰ বাবে অপেক্ষা কৰক ৷











2.  জুবিনৰ এই বৰ্ষৰ প্ৰথমখন বিহু মঞ্চ- কুৱেইটত সফলতাৰে উদযাপিত হ’ল বিহু ৷
 বিতং ফটো আৰু অডিঅ’ ভিডিঅ’ৰ বাবে অপেক্ষা কৰা হৈছে ৷

অসম সংঘ, কুৱেইটৰ এক বিশেষ আয়োজন.....



The most prestigious event of Asom Association, the Rongali Bihu Celebration, is 
planned as per the following details
DATE : 5TH APRIL
VENUE : HOTEL SAFIR INTERNATIONAL, AL-FINTAS
STAR ATTRACTION : ZUBIN GARG 
Accordingly, the time has come to gear us up all in right earnest to make the program 
a resounding success. Let us all shake our gray matter and come up with invigorating 
ideas to make the event a grand one. 
For smooth functioning of the event different subcommittees have been formed. 
Enclosed is the final list of different sub-committee members. Each subcommittee is 
requested to discuss among themselves for the planning and incorporating new ideas. 
From now onwards we will be in touch on a regular basis to keep the momentum 
going.
Warm regards & best wishes
"জই আই অসম"

৩.  কাটাৰ অসম সমাজ
যোগাযোগঃ http://www.facebook.com/groups/540140546007730/?ref=ts&fref=ts

বিহু সম্পৰ্কীয় খবৰঃ
কেইটিমান লাগতিয়াল ঘোষণা : -

(১) ৰঙালী বিহু আমি ১৯এপ্ৰিলৰ সন্ধিয়া পালন কৰিম৷স্থানৰ ঘোষণা দুই এদিনতে কৰা হব৷

(২) সেইদিনাৰ অনুস্থানলৈ আহিব খোজা সকলোকে নিজৰ প্ৰাপ্তবয়স্ক সদস্যৰ সংখ্যা (অতিথি সদস্যৰ সংখ্যাসহ) অনতিপলমে জনাবলৈ অনুৰোধ কৰা হ'ল৷ৰজত গগৈ, ডা০ প্ৰেমানন্দ গোস্বামী,শিৱ বৰা নাইবা ডা০ ভূপেন শইকীয়াক ফোন বা ই-মেইলযোগে জনাওক৷

(৩) সকলোৱে প্ৰতিজন প্ৰাপ্তবয়স্কৰ বাবে এটি সামান্য বৰঙণি আগবঢ়াব লাগিব৷

(৪) সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এতিয়াও সময় আছে৷ইচ্ছুক লোকসকলে শীঘ্ৰে সম্পৰ্ক কৰক আৰু ৰিহাৰ্চেলত অংশ লওক৷
পৰিতাপৰ কথা বিহু হুঁচৰি দল এতিয়াও গঠন কৰিব পৰা নাই৷ ৰাইজৰ সক্ৰিয় সহযোগ লাগে৷

(৫) নিজৰ সন্তানক ছবি অঁকা প্ৰতিযোগিতাৰ অংশীদাৰ কৰক৷

(৬) যদি সম্ভৱপৰ হয় এখনি স্মৰণিকাৰ কথা চিন্তা কৰা হৈছে৷অসমীয়া বা ইংৰাজীত লিখা আপোনালোকৰ লিখনি সমূহ drbksaikia@gmail.com ঠিকনাত প্ৰেৰণ কৰক৷গল্প,কবিতা,প্ৰৱন্ধ,অভিজ্ঞতা সম্পাদকলৈ চিঠি যি কোনো বিষয় বাচি লব পাৰে৷লিখনিসমূহ চমু আৰু স্পষ্ট বিষয় বস্তুৰ ওপৰত লিখা হোৱাটো বাঞ্চনীয়৷

দেশৰ আন প্ৰান্ততঃ

১. বাংগালুৰতঃ 

পোন প্ৰথমবাৰৰ বাবে বেংগেলুৰৰ এফ এম ৰেডিঅ’ চেনেলত বাজিল বিহুৰ সুৰ...



অসাম চচাইটি অফ বেংগেলুৰৰ আমন্ত্ৰণত এই বৰ্ষৰ প্ৰথমখন বিহুৰ অনুষ্ঠান কৰিলে দীক্ষু আৰু প্ৰিয়ঙ্কা ভৰালীয়ে ৭ এপ্ৰিলত,
লগতে আছিল উদীয়মান কণ্ঠশিল্পী গৌতম কোঁৱৰৰ গীত-মাত ৷

স্থানঃ শ্ৰী কান্তিৰাভা ইন্দোৰ ষ্টেডিয়াম, বাংগালুৰ



আন আন কাৰ্যসূচীঃ বিহু নৃত্য প্ৰতিযোগিতা, বিহু কুঁৱৰী প্ৰতিযোগিতা, 



একক নৃত্য, থিতাতে থলুৱা সাজ-পাৰ পৰিধান কৰাৰ প্ৰতিযোগিতা 



(পুৰুষ আৰু মহিলা শাখা), কনমানি শিশু সকলৰ মাজত বিভিন্ন 

প্ৰতিযোগিতা, অসমীয়া ব্যঞ্জনৰ ৰন্ধন প্ৰতিযোগিতা, সত্ৰীয়া নৃত্যৰ প্ৰদৰ্শণ 

ইত্যাদি ৷
বিশিষ্ট অতিথি ৰূপে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰু অসমৰ এজন মন্ত্ৰী 
ডাঙৰীয়াই যোগদান কৰাৰ কথা ৷

বিশদ জানি যোগদানৰ বাবে  https://www.facebook.com/groups/154014237975812/ লিংক অনুসৰণ কৰক ৷




২. নবী-মুম্বাইঃ

অসম এচোচিয়েছন মুম্বাইৰ উদ্যোগত অহা ২০ এপ্ৰিল তাৰিখে আয়োজিত 
 হৈছে ৰঙালী বিহু উদযাপন নৱী মুম্বাইত ৷

ৱাশীস্থিত অসম ভৱন প্ৰাঙ্গণত সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈ সাংস্কৃতিক কাৰ্যসূচী ৷

বিশদ কাৰ্যসূচী অতি সোনকালেই আপলোড কৰা হব ৷



৩. খাৰঘৰ নবী-মুম্বাইঃ 

খাৰঘৰস্থিত অসমীয়া সকলৰ ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত বিগত বছৰৰ দৰেই উলহ মালহেৰে গকুলধাম, ১৪ এপ্ৰিলৰ সন্ধিয়া আয়োজিত হৈছে ৰঙালী বিহুৰ সাসংক্ৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক সন্ধ্যাৰ মুখ্যা আকৰ্ষণঃ মুম্বাইস্থিত অসমীয়া শিল্পীৰ ভিন্ন সুৰীয়া গীত মাত প্ৰদৰ্শণ ৷


৪. পানভিলঃ 
অ’এনজিচি কলনী পানভিলত ১৪ এপ্ৰিলৰ দিনাই অনুষ্ঠিত হব ৰঙালী বিহু উদযাপন ৷

No comments:

Post a Comment