Monday, May 13, 2013

অসম সঙ্গীত

অসম সঙ্গীত


আমি অসমীয়া, নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম?
সকলো আছিল, সকলো আছে,
নুবুজোঁ নলওঁ গম।
শঙ্কৰে দিলে বিশুদ্ধ ধৰম,
লাচিতে বাহুত বল,
সতী জয়মতী সতীত্ব তেজেৰে
অসমী আই প্ৰবল।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে কলে,
ৰজা হৈ ৰাম ৰজা হব পাৰি
ৰুদ্ৰসিংহে দেখুৱালে।
শঙ্কৰাচাৰ্য্যৰ গুৰু অসমীয়া
কুমাৰিল ভট্ট নাম,
জগত-গুৰুৰোগুৰু হ’ব পাৰি
ভট্টই দেখালে কাম।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

ভাস্কৰ-জেউতি ভাস্কৰবৰ্ম্মা
প্ৰাগজ্যোতিষৰ ৰজা,
ভাৰতৰ ৰজাৰ আগশাৰী ললে,
নহয় ই কথা সজা।
উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণ
মহাবলৱন্ত ৰজা,
কামৰূপাধিপতি শঙ্কলাদিবে
ঘটুৱালে কেনে বুজা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

চাৰি লাখ পদাতি, লাখ অশ্বাৰোহী
চাৰি হেজাৰেক হাতী,
শঙ্কলাদিবৰ বীৰ্য্য-বিক্ৰমৰ
ভাৰত বিয়পা খ্যাতি।
লক্ষ্মণাৱতী গৌৰ ৰজাৰ
আমাৰ শঙ্কলে কৰা,
ৰাজধানী হৈ আছিল বঙ্গৰ
দুহাজাৰ বছৰ জোৰা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

পাৰস্যবিজেতা আফ্ৰচিয়াৰ
আদলাখ মোগল সেনা
ঘটুৱাই শঙ্কলে ঘোঁৰাহাট পৰ্ব্বতত
কীৰ্ত্তি ৰাখিলে জানা।
মছলেম বুৰঞ্জীত ফেৰেষ্টাই লিখিছে
নহয় ই সাধুকথা,
প্ৰাণৰ প্ৰাণত অসমীয়া ভাই,
ই কথা তোমাৰ গোথা।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

সিদিনা তোমাৰ ঢেকিয়াল ফুকনে
উনত্ৰিশ বছৰীয়া ডেকা,
অসমৰ হকে যিখিনি কৰিলে,
কি কীৰ্ত্তি ৰাখিলে লেখা।
তোমাৰে আনন্দ বৰুৱাই চোৱা
সংস্কৃত সাহিত্য মথি,
ইউৰোপ, এছিয়াত কীৰিতি ৰাখিলে,
জগতে কৈছে ডাঠি।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

‘হেমকোষ’ ৰচি হেমচন্দ্ৰ হেৰা
ভাষা আকাশৰ জোন,
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোন?
তামুলী ফুকন গুনাভি বৰুৱা
বুৰঞ্জী জ্ঞানত জ্ঞানী,
স্বাধীন ব্যৱসায় দেশৰ হিতত
জগন্নাথ মাণিক মানী।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।

হেৰা অসমীয়া, নোহোৱা দুখীয়া
কিহৰ দুখীয়া হবা?
নিজ নাপাহৰি বিভুক সুঁৱৰি
লাগাচোন সুফল পাবা।
‘বুৰঞ্জীৰ হব পুনৰ অভিনয়’
জ্ঞান বৃদ্ধসৱে গায়,
লক্ষ্য স্থিৰ ৰাখা, আগবাঢ়ি যোৱা,
মানুহমুৱা হোৱা ভাই।
বাজক দবা, বাজক শঙ্খ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
‘জয় আই অসম’ বোল।


(ফেচবুকৰ অ.ক.ব গোটত হিমজ্যোতি তালুকদাৰৰ কমেণ্ট পোষ্টৰ পৰা সংগৃহীত)

No comments:

Post a Comment